জুবিনক কৰা অপমান কোনো কাৰণতে সহ্য কৰা নহ’ব : অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া

zubeen

নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে প্ৰতিখন বিহু মঞ্চ আৰু ছ’চিয়েল মিডিয়াযোগে স্পষ্ট বিৰোধিতা কৰি অহাৰ প্ৰতিক্ৰিয়াস্বৰূপে শিল্পীগৰাকীক বাঙালী অধ্যুষিত  লামডিঙৰ এটা দুষ্ট চক্ৰই শিল্পীজনৰ সাংস্কৃতিক কাৰ্যসূচী বৰ্জনৰ বাবে জনোৱা আহ্বানক কেন্দ্ৰ কৰি অসমৰ বিভিন্ন দল-সংগঠনে উক্ত দুষ্ট চক্ৰক সকীয়াই দিছে।

উল্লেখযোগ্য যে অহা ১৯ আৰু ২০ মে’ত অনুষ্ঠিত হ’ব লগীয়া লামডিং সাৰ্বজনীন ৰঙালী বিহু সন্মিলনলৈ গাৰ্গক সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰা হৈছে। কিন্তু উক্ত দুষ্ট চক্ৰটোৱে Lumding United নামৰ এটা ফেইচবুক পেইজৰ পৰা জুবিনক তাত অনুষ্ঠান পৰিৱেশন নকৰিবলৈ সকীয়নি দিয়াৰ লগতে জুবিনৰ অনুষ্ঠান বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনাইছে। কেৱল সেয়াই নহয়, অসমীয়া জাতিৰ প্ৰতি বিৰূপ মন্তব্যও কৰা হয় পোষ্টটোত।

এই প্ৰসংগত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয়, ‘অসমৰ মান বিশ্বৰ বুকুত জিলিকাবলৈ সক্ষম হোৱা অসমৰ সকলোৰে আপোন জুবিন গাৰ্গক গীত পৰিৱেশনৰ ক্ষেত্ৰত বাধা দিবলৈ যি প্ৰচাৰ চলোৱা হৈছে সেই অপশক্তিটোক অতি শীঘ্ৰে চিনাক্ত কৰি শাস্তি প্ৰদান কৰক।‘

১৫ মে’ত অসম গণ পৰিষদৰ জালুকবাৰী সমষ্টি সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰে এটা বিশাল জোঁৰ সমদল উলিওৱা হৈছিল। উক্ত সমদলতে অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই অংশ লৈ সংবাদ মাধ্যমৰ আগত পুনৰ কয় যে জুবিন অসমৰ জাতীয় সম্পদ। জুবিনক গীত গোৱাত বাধা দিবলৈ কোনে ইমান সাহস পালে।

অগপৰ জালুকবাৰী সমষ্টিৰ সমিতিয়ে উলিওৱা জোঁৰ সমদলত অংশ লোৱা দলীয় নেতা-কৰ্মীয়ে তীব্ৰ ক্ষোভ উজাৰি কয় যে জুবিন গাৰ্গে বিলখন সম্পৰ্কত গঢ়ি তোলা প্ৰবল জনমতত শংকিত হৈ একাংশ অসমবিদ্বেষী লোকে এনেদৰে ছ’চিয়েল মিডিয়াৰ সহায় লৈ জনপ্ৰিয় শিল্পীগৰাকীৰ মুখ বন্ধ কৰাৰ কুঅভিসন্ধি ৰচনা কৰিছে। কিন্তু এনে কুঅভিসন্ধি অসমৰ ৰাইজে কোনো কাৰণতে সহ্য নকৰে।