নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে বঙাইগাঁৱত অগপৰ শংখনাদ

বঙাইগাঁওত অগপৰ শংখনাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৃহস্পতিবাৰে অসম গণ পৰিষদ দলে শংখনাদ কাৰ্যসূচী আৰম্ভ কৰে। অগপই এই কাৰ্যসূচীৰ জৰিয়তে বিধেয়কখনৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে জনমত গঠন কৰাৰ লক্ষ্যৰে বিধেয়কখনৰ পৰা হ’ব পৰা অসমৰ ক্ষতিৰ বিষয়ে ৰাইজক অৱগত কৰে।

বঙাইগাঁও নগৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত দলটোৰ নেতা, কৰ্মী-সমৰ্থকসকল সমবেত হৈ এটা সমদল উলিয়াই নগৰখনৰ গান্ধী ময়দানত উপস্থিত হয়। ইয়াতেই এখন সভা অনুষ্ঠিত কৰা হয়।

উত্তৰ অভয়াপুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে আঁত ধৰা সভাখনত মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে আদৰণি ভাষণ দিয়ে।

অগপৰ নেতাসকলে তেওঁলোকৰ ভাষণত কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে অসমলৈ প্ৰব্ৰজন কৰা কোনো লোকে নিজকে বিদেশী বুলি ভাৱিব নালাগে। আনহাতে, ১৯৭১ চনৰ পিছত অহা কোনো বিদেশীৰ বোজা অসমে সহিব নোৱাৰে বুলি নেতাসকলে স্পষ্ট কৰি দিয়ে।

ইপিনে সাংবাদিকৰ আগত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে চৰকাৰত থাকি কেনেদৰে বিধেয়কখনৰ বিৰোধিতা কৰিব পৰা যায় তাৰ সম্পূৰ্ণ প্ৰচেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে।

সভাত ভাষণ দি দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যখনত এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি ৰাইজক বিধেয়কখনৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ বাবেই  এই কাৰ্যসূচীক শংখনাদ হিচাপে বুজোৱা হৈছে বুলি কয়।

আনহাতে যোৱা কুৰিটা বছৰৰ বিদেশীৰ বোজা লোৱা ৰাজ্যখনে আৰু অতিৰিক্ত বিদেশীৰ বোজা ল’ব নোৱাৰে কিয়নো তেনেকুৱা হ’লে অসমৰ জনগাঁথনি সলনি হ’ব আৰু অসম চুক্তিৰ ক্ষতি হ’ব বুলি ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। সভাত দলটোৰ আন কেইবাগৰাকীও নেতা তথা বিষয়ববীয়া উপস্থিত থাকে।