নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ বলিউড অভিনেতা আদিল হুছেইন

Adil-Hussain-570x320

অসমীয়া যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে ইখনৰ পাছত সিখন বিহু মঞ্চত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে অসমৰ আনএগৰাকী শিল্পী তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট অভিনেতা আদিল হুছেইনেও এই বহু বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে।

দেওবাৰে গোৱালপাৰাত অভিনেতাগৰাকীয়ে সাংবাদিকৰ আগত কয়- ‘কোনো ধৰণৰ আইনত হিন্দু-মুছলমান, মুছলমান-হিন্দু এইবোৰ কথা থাকিব নোৱাৰে বুলি মই ভাবো। ভাৰতৰ সংবিধানক সদায় শ্ৰদ্ধা আৰু অনুসৰণ কৰা উচিত। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে পুনৰ চিন্তা কৰা উচিত হ’ব’।

জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে সৰৱ হৈ পৰা বলিউডৰ বিশিষ্ট অভিনেতাগৰাকীয়ে আৰু কয় যে এই আইন গৃহীত কৰাটো কেতিয়াও উচিত নহ’ব কিয়নো এনে আইনে হিন্দু-মুছলমান বা বাঙালী-অসমীয়াৰ মাজত সংঘাতৰ সৃষ্টি কৰিব। কেন্দ্ৰীয় চৰকাৰৰ এইটোৱে আটাইতকৈ আত্মঘাতী সিদ্ধান্ত হ’ব।

উল্লেখ্য যে দেওবাৰে অভিনেতাগৰাকীয়ে গোৱালপাৰা চহৰত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা সাক্ষাতৰ সময়তে এইদৰে মন্তব্য কৰা দেখা যায়।