অপহৃত যুৱকৰ সন্ধানৰ দাবীত বৰপেটাৰ কদমগুৰিত পথ অৱৰোধ

বৰপেটাত প্ৰতিবাদ

অপহৃত যুৱকৰ সন্ধানৰ দাবীত বৰপেটা হাউলী পথৰ কদমগুৰিত আজি দিনৰ ১০-৩০বজাৰ পৰা পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে স্থানীয় যুৱ ব্যৱসায়ী জাহিদুল ইছলাম যোৱা ৩০ মে’ৰ পৰা সন্ধানহীন হৈ আছে ৷

যুৱকজনক অপহৰণ কৰা বুলি হাউলী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো অপহৰণকাৰীক আটক কৰাৰ লগতে অপহৃত যুৱকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ” আমছু” ৰ বৰপেটা জিলা সমিতি আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰপেটা জিলা সমিতিৰ যৌথ সহযোগত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷

প্ৰখৰ ৰ’দকো নেওচি কেইবা শতাধিক ৰাইজে ৰূপায়ন কৰা এই পথ অৱৰোধ কাৰ্যসূচীৰ ফলত উক্ত পথছোৱাৰে চলাচল কৰা যানবাহন প্ৰায় ৪৫মিনিট সময় বন্ধ হৈ পৰে ৷

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দিয়াৰ লগতে অপহৃত যুৱক জনৰ সন্ধান উলিওৱাৰ বাবে আৰক্ষী প্ৰশাসনক ২৪ ঘন্টা সময় বান্ধি দিয়ে ৷ যদিহে এই সময়সীমাৰ ভিতৰত যুৱকজনৰ সন্ধান উলিৱাব নোৱাৰে তেন্তে জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়নৰ বাবে বাধ্য থাকিব বুলি প্ৰশাসনক সকীয়াই দিয়ে ৷

এই কাৰ্যসুচীত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোৱাজ্জেম হুছেইন, সাংগঠনিক সম্পাদক আবু বক্কৰ ছিদ্দিক, আমছুৰ কেন্দ্ৰীয় সমিতিৰ মণিৰুজ জামান, জিলা সভাপতি সম্পাদক ক্ৰমে নজৰুল ইছলাম, ৰহিদুল শিকদাৰে অৱৰোধস্থলীত চমু ভাষণ আগবঢ়ায় আৰু অপহৃত জাহিদুল ইছলামৰ সন্ধানৰ দাবী উত্থাপন কৰে ৷

পথ অৱৰোধ কাৰ্যসূচীস্থলীত প্ৰশাসনৰ হৈ শ্ৰাৱন্তী সেনগুপ্তা আৰু উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই প্ৰতিবাদকাৰীসকলক আশ্বাস প্ৰদান কৰাৰ পিছত পথ অৱৰোধ কাৰ্যসূচী উঠাই লয় ৷