এনআৰচিৰ পাৰ্শ্বক্ৰিয়াঃ দাৰুল উলুম মাদ্ৰাছাত নামভৰ্তিৰ বাবে লাগিব লিগেচীৰ তথ্য

NRC

প্ৰতিনিধিত্বমূলক ছবি

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিক লৈ ৰাজ্যৰ চৌদিশে বিভিন্ন বাতৰি- উৰাবাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে এখন মাদ্ৰাজাই গ্ৰহণ কৰা স্থিতিক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

মাদ্ৰাছাক সন্দেহমুক্ত কৰি ইছলামিক শিক্ষাৰ উত্তৰণ ঘটোৱাৰ লক্ষ্যৰে শেহতীয়াকৈ নামভৰ্তিৰ বাবে লিগেচি ডাটা ব্যধ্যতামূলক কৰি এই অভিনৱ তথা কঠোৰ কাৰ্যপন্থা হাতত লৈছে দাৰুল উলুম বাশ্বকান্দি নামৰ মাদ্ৰাছাখনৰ কৰ্তৃপক্ষই।

ৰাজ্যত নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিবলৈ মাজত মাত্ৰ ২২টা দিন বাকী থকাৰ সময়তে ১২১ বছৰীয়া পুৰণি ঐতিহ্যমণ্ডিত মাদ্ৰাছাখনে এইবাৰৰ পৰা নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক আবেদনপত্ৰৰ লগত লিগেচী ডাটা সংলগ্ন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত মাদ্ৰাছাখনৰ অধ্যক্ষ শ্বেখ মৌলানা মহম্মদ ইয়াহইয়া চাহাবে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে কয় যে চলিত বৰ্ষৰ পৰা ছাত্ৰৰ নামভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ নতুন চৰ্তাৱলী আৰোপ কৰা হৈছে। সেই অনুসৰি ইচ্ছুক নৱাগত ছাত্ৰই মাদ্ৰাছাত নামভৰ্তিৰ ক্ষেত্ৰতো আবেদনপত্ৰৰ সৈতে ১৯৭১ চনৰ বা তাৰ আগৰ লিগেচীসহ যাৱতীয় নথি-পত্ৰ দাখিল কৰিব লাগিব। ইয়াৰ সমান্তৰালকৈ আবেদনকাৰীসকলে চৰকাৰী অনুমোদিত স্থায়ী ঠিকনাৰ প্ৰমাণ পত্ৰ আৰু ১৮ বছৰ বয়সৰ ওপৰৰ হ’লে ভোটাৰ পৰিচয় পত্ৰ দাখিল কৰিব লাগিব।

মাদ্ৰাছাসমূহক বিভিন্ন পক্ষই মৌলবাদী, জেহাদী ঘাটি আৰু সন্দেহৰ দৃষ্টিৰে চাই অহাৰ পৰিৱেশ সলনি কৰাৰ স্বাৰ্থতে নামভৰ্তিৰ ক্ষেত্ৰত এনে কঠোৰ নিৰ্দেশনা জাৰি কৰিবলগীয়া হৈছে বুলিও তেওঁ লগতে প্ৰকাশ কৰিছে। সম্প্ৰতি মাদ্ৰাছাখনৰ এনে স্থিতিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে।