এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰী : ১৩ জন এ চি এছ বিষয়াক বৰ্খাস্ত

APSC-building.-570x320

এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত তথা নিলম্বিত অধ্যক্ষ ৰাকেশ পালক ধন দি জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱা ২০১৫ চনৰ ১৩ জন এ চি এছ (প্ৰবেশ্যনাৰী) বিষয়াক ৰাজ্য চৰকাৰে বুধবাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

ইতিপূৰ্বে নিলম্বিত অৱস্থাত থকা এই বিষয়াকেইজনক বৰ্খাস্ত কৰি কৰ্মচাৰী বিভাগে বুধবাৰে এখন অধিসূচনা জাৰি কৰিছে।

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি ক্ৰয় কেলেংকাৰীৰ গোচৰত সম্প্ৰতি কাৰাবন্দী হৈ থকা এই বৰ্খাস্ত হোৱা বিষয়াকেইজন হৈছে ক্ৰমে—ৰাজৰ্ষিসেন ডেকা, নিশামণি ডেকা, ৰুমী শইকীয়া, পল্লৱী শইকীয়া, অনিৰুদ্ধ ৰয়, দেৱজিৎ বৰা, দৈথুন বৰগয়াৰী, দীপক খনিকৰ, গীতালি দলে, কুনাল দাস, হিমাংশু চৌধুৰী, কমল দেৱনাথ আৰু বদৰুল ইছলাম চৌধুৰী।

বুধবাৰে বৰ্খাস্ত কৰা এই বিষয়াকেইজনক আন ১১ জন সহ অভিযুক্ত (এ পি এছ আৰু সহযোগী সেৱাৰ বিষয়া)ৰ সৈতে যোৱা বছৰৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। এই কেলেংকাৰীত অভিযুক্ত আন ৩ জন প্ৰবেশ্যনাৰী এ চি এছ বিষয়াকো ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে।

বৰ্খাস্ত কৰা অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে। এই গোচৰত কাৰাবন্দী হৈ থকা  ১১ জন এ পি এছ আৰু সহযোগী বিষয়াকো চৰকাৰে ইতিমধ্যে নিলম্বিত কৰিছে আৰু তেওঁলোকৰো বৰ্খাস্তকৰণৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে এ পি এছ চিৰ এই বৃহৎ কেলেংকাৰীৰ গোচৰত এই পৰ্যন্ত ২০১৫ আৰু ২০১৬ বৰ্ষৰ মুঠ ৩৬জন ৰাজপত্ৰিত বিষয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তদুপৰি সূত্ৰসমূহে জনোৱা মতে আন বহুকেইজন বিষয়া সোনকালেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।