জনজাতীয় ৰাজনীতিৰ গতি-প্ৰকৃতি আৰু কংগ্ৰেছ- বিজেপিৰ ৰাজনৈতিক কৌশল

ATTACHMENT

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ সময়ত অসমৰ জনজাতীয় ৰাজনীতিৰ গতি-প্ৰকৃতিক লৈ চালিজাৰি চোৱাৰ সময় আহিছে। মই কেইবাজনো জনজাতীয় বন্ধুৰ সৈতে এইকেইদিন কৰা বাৰ্তালাপত এই কথাই পাতিছো। ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত অতি দক্ষতাৰে বিজেপি নেতৃত্বই অসমৰ জনজাতীয় সংগঠনসমূহক তেওঁলোকৰ লগত লৈ নিৰ্বাচনত চমক দেখুৱাবলৈ সক্ষম হ’ল। জাতি-মাটি-ভেটিৰ শ্ল’গানেৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি জনজাতীয় লোকৰ সমৰ্থন অভূতপূৰ্বভাৱে লাভ কৰিলে বিজেপিয়ে। স্বাভাৱিকতেই বিজেপিয়ে এজন জনজাতীয় নেতাক মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰি ইতিহাস ৰচনা কৰিলে। তথাকথিত অসমীয়া মূলসুঁতিৰ সমাজখনে স্বাধীনতাৰ পৰাই জনজাতীয় জনগোষ্ঠীসমূহক কৰা অৱহেলা-বঞ্চনাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৰণকৌশল সফল হ’ল। এই ক্ষেত্ৰত আৰএছএছৰ ভূমিকা আছিল বিশেষভাৱে গুৰুত্বপূৰ্ণ। যোৱা ৩০ বছৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত আৰএছএছে চলাই অহা কাম-কাজৰ ভিত্তিতেই বিজেপিয়ে এনেদৰে আগবাঢ়িব পাৰিলে। কিন্তু চৰকাৰ গঠন হোৱাৰ ২৪মাহ উকলি যোৱাৰ পাছত জনজাতীয় সমাজতো পোৱা-নোপোৱাৰ হিচাপ চলিছে। প্ৰকৃততে সোণোৱাল চৰকাৰৰ আমোলত অসমৰ জনজাতিসকলৰ উন্নয়ন কিমান হৈছে? বা হোৱাৰ সম্ভাৱনা কিমান? সামগ্ৰিকভাৱে ৰাজ্যখনৰ উন্নয়ন এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰতো চৰকাৰৰ ভূমিকাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ হৈছে। জনজাতীয় সংগঠনসমূহো নাগৰকিত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। স্বায়ত্তশাসিত পৰিষদসমূহলৈ পুঁজিৰ আৱণ্টন হ্ৰাস পাইছে। উন্নয়ন পৰিষদসমূহত পুঁজি একেবাৰে নাই বুলিয়েই ক’ব পাৰি। স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিটিচিক দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নকৰিলে। এহেজাৰ কোটিৰ পেকেজটো দূৰৈৰে কথা, আনকি দিছপুৰৰ পৰা বাৰ্ষিক আৱণ্টিত পুঁজিৰ পৰিমাণো কমিল। প্ৰধানমন্ত্ৰী মোদীৰ অৰ্থনৈতিক নীতিয়ে দেশজুৰি সৃষ্টি কৰা নেতিবাচক প্ৰভাৱৰ ফলতেই জনজাতীয় পৰিষদসমূহলৈ পুঁজিৰ আৱণ্টন হ্ৰাস পাইছে। পূৰ্বৰ তৰুণ গগৈ চৰকাৰৰ দিনতকৈ পুঁজি হ্ৰাস পোৱাত স্বাভাৱিকতে অসন্তুষ্ট হৈছে জনজাতীয় নেতাসকল। সেযেহে প্ৰশ্ন হয়— জনজাতীয় নেতাসকলে এতিয়া কি স্থিতি ল’ব?

বৰ্তমান জনজাতীয় সমাজত ৰাজনৈতিক আৰু সামাজিকভাৱে কোনবোৰ কাৰকে ক্ৰিয়া কৰিছে? কিছুদিনৰ পূৰ্বে অসমৰ এজন জ্যেষ্ঠ বাঁওপন্থী নেতা আৰু আৰএছএছৰ এজন নেতাই মোৰ সন্মুখত পতা কথা- বতৰাত বাঁওপন্থী নেতাগৰাকীয়ে আৰএছএছৰ নেতাজনক কৈছিল— জনজাতীয় সমাজত কাম কৰিবলৈ হ’লে সাংগঠনিকভাৱে আপোনালোকৰ দৰে কৰিব লাগিব। কেৱল মধ্যবিত্তীয় বুদ্ধিজীৱীৰ আহ্বানে তেওঁলোকৰ হৃদয় জয় কৰিব পৰা নাযায়। আন এজন আৰএছএছ নেতাই মোক প্ৰায়ে কয়— তেওঁলোকে অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ মাজত সমৰ্থন ভেটি দৃঢ় কৰি আহিছে। জনজাতীয় লোকসকলৰ শিক্ষা-দীক্ষাৰ সুবিধাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ আৱেগ-অনুভূতিক শ্ৰদ্ধা জনাই আগবাঢ়িছে। আৰএছএছে ৰাজ্যখনৰ জনজাতীয় সমাজত কেইবাটাও ভাতৃ সংগঠনৰ জৰিয়তে কাম কৰি আছে। স্থানীয় প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক বিষয়বোৰ দাঙি ধৰিছে তেওঁলোকৰ মাজত। আৰএছএছৰ এই ভূমিকাই বিজেপিৰ সমৰ্থন ভেটি গঢ়িছে। সেয়েহে হয়তো প্ৰশ্ন উত্থাপন হ’ব— জনজাতীয় জনগোষ্ঠীসমূহে সহজেই বিজেপিৰ পৰা আঁতৰি আহিবনে? এইখিনিতেই আমি স্পষ্ট হ’ব লাগিব যে জনজাতীয় ৰাজনীতিত বিজেপিয়ে জনজাতীয় দল- সংগঠনক লগত লৈহে কাম কৰিছে। সেই জনজাতীয় নেতৃত্বই বৰ্তমান বিজেপিৰ সৈতে সুসম্পৰ্ক বৰ্তাই ৰাখিছে। কিন্তু দুবছৰ পাৰ হোৱাৰ পাছতো জনজাতীয় অঞ্চলসমূহত উন্নয়নৰ কোনো বতাহ নবলাটোক কোনেও এতিয়া লুকুৱাই ৰাখিব নোৱাৰে। তুলনামূলকভাৱে অধিক অনগ্ৰসৰ জনজাতীয় অঞ্চলসমূহত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি জীৱন ধাৰণৰ প্ৰাথমিক সা-সুবিধাবোৰো নাই। স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ মিচিং ৰাইজো ওলাই আহিবলগীয়া হৈছে প্ৰতিবাদত। জনজাতিসকলৰ উন্নয়নৰ বাবে চকুত পৰা আঁচনি ল’ব পৰা নাই চৰকাৰে। সেয়েহে পূৰ্বৰ কংগ্ৰেছ আমোলত পাই অহা সা-সুবিধাৰ প্ৰতি আকৰ্ষিত হ’ব নেকি জনজাতীয় ৰাইজ। আন নহ’লেও তৰুণ গগৈ চৰকাৰৰ দিনত স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰ পৰিমাণ যথেষ্ট আছিল। মূলতঃ ইয়াৰ জৰিয়তে সংশ্লিষ্ট অঞ্চলত যথেষ্ট উন্নয়নমূলক কাম হৈছিল। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ জনজাতীয় ৰাজনীতিয়ে সাংঘাতিক ধৰণৰ নতুন মোৰ নল’লেও সম্ভাৱ্য নতুন কুচকাৱাজ নচলিব বুলি এতিয়াই ক’ব নোৱাৰি। অসমৰ বহুত্ববাদী সমাজত সংখ্যালঘু জনসাধাৰণক বাদ দি সকলোকে একগোট কৰি ক্ষমতা দখল কৰাৰ বিজেপিৰ কৌশল অব্যাহত থাকিব। অমিত শ্বাহে ২০১৯ৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা আৰু অধিক আসন দখল কৰাৰ যি সপোন দেখিছে, তাৰো এক অন্যতম ভিত্তি জনজাতিসকলৰ সমৰ্থনৰ আশা। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জনজাতীয় ৰাজনীতিৰ সমীকৰণ ভালদৰেই জানে। যোৱা ডেৰটা দশক ধৰি তেওঁ জনজাতীয় ৰাজনীতিৰ সৈতে নিকট সম্পৰ্ক ৰক্ষা কৰি আহিছে। কংগ্ৰেছত থাকোতেই হওক বা এতিয়া বিজেপিত থাকোতেই হওক তেওঁৰ জনজাতীয় ৰণকৌশলে সু‍ফল দিছে। এতিয়াও জনজাতীয় ৰাজনীতিক বিজেপিৰ সৈতে সংপৃক্ত কৰাৰ বাবে যি কৰিব লাগে তাকেই কৰিব শৰ্মাই। মোদী আৰু সোণোৱাল চৰকাৰৰ বিৰুদ্ধে অহা প্ৰতিষ্ঠানবিৰোধী বতাহে যাতে জনজাতীয় ৰাজনীতিক নতুন দিশলৈ লৈ নাযায় তাৰ প্ৰতি অতি সতৰ্ক হৈ আছে বিজেপি নেতৃত্ব। একেদৰে অসমৰ কংগ্ৰেছ নেতৃত্বইয়ো জনজাতীয় ৰাজনীতিৰ ওপৰত বিশেষভাৱে মনোনিবেশ কৰিছে। সকলো জনগোষ্ঠীকে লগত লৈ ৰাজনীতি কৰা কংগ্ৰেছৰ প্ৰতি জনজাতীয় সমাজৰ এক স্বাভাৱিক আকৰ্ষণ আছে। তাক সহজে নুই কৰিব নোৱাৰি। বিজেপিৰ প্ৰতি হোৱা মোহভংগৰ সুযোগ ল’বলৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছৰ উন্নয়নৰ শ্ল’গানৰ বিপৰীতে বিজেপি তথা আৰএছএছে বাংলাদেশৰ পৰা হোৱা মুছলমান প্ৰব্ৰজনৰ বিষয়টো জনজাতীয় লোকসকলৰ মাজত উত্থাপন কৰি আছে আৰু কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে মেৰু বিভাজনৰ চেষ্টা কৰিছে। সেই বাবে সমাগত সময়ত অসমৰ জনজাতীয় ৰাজনীতি হৈ পৰিব বিশেষভাৱে লক্ষণীয়। বিজেপি-কংগ্ৰেছৰ ৰণকৌশলত আৰু কি কি নতুন দিশ যোগ হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব বহু কথা। লোকসভা নিৰ্বাচন ওচৰ চপাৰ লগে লগে দেখিবলৈ পোৱা যাব জনজাতীয় ৰাজনীতিৰ গতি-প্ৰকৃতি।

(লেখক গুৱাহাটীস্থিত জ্যেষ্ঠ সাংবাদিক)