বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰ একাডেমিত বৃক্ষৰোপণ কাৰ্যসূচী

tree plantation 2

আজি ৫ জুনৰ দিনটো সমগ্ৰ বিশ্ব জুৰি বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাৰ সমান্তৰালকৈ গুৱাহাটীৰ দিচপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমিতো অতি উলহ-মালহেৰে পৰিৱেশ দিৱস উদযাপন কৰা হয়।

উল্লেখযোগ্য যে বিদ্যালয়খনৰ চৌদিশে আজিৰ দিনটোত ১৫০ টা বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰা হয়।

তদুপৰি ‘কেয়াৰ লুইত’ নামৰ প্ৰতিষ্ঠানটোৱে বিদ্যালয়খনলৈ ১২০ টা ভিন্ন প্ৰজাতিৰ গছৰ পুলি দান কৰে। আনহাতে, অন্য ৩০ টা গছৰ পুলি  একাডেমিৰেই পদাৰ্থ বিজ্ঞানৰ শিক্ষক নজৰুল ইছলামে তেওঁৰ পিতৃৰ স্মৃতিত প্ৰদান কৰে।

এই বৃক্ষৰোপণ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ পৰিৱৰ্তন আৰু বিকাশ বিভাগৰ সচিব কমলাকান্ত নাথকে ধৰি এই বৰ্ষৰ ৰজত কমল বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক উৎপল বৰপুজাৰী আৰু ‘কেয়াৰ লুইত’ৰ তৰফৰ পৰা কিশোৰ জয়ন্ত মাধৱ, ঋতুৰাজ বৰা আৰু উৎপল দাস উপস্থিত থাকে।

বিদ্যালয়খনৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাই প্ৰথমটো গছৰ পুলি ৰোপণ কৰাৰ লগতে অন্য আমন্ত্ৰিত অতিথিসকলেও গছৰ পুলি ৰোপণ কৰে। এই বৃক্ষৰোপণ কাৰ্য্যসূচীত চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শ্ৰেণীৰ অধিনায়ক আৰু উপ শ্ৰেণী অধিনায়কসকলেও সহায়-সহযোগিতা আগবঢ়ায়।

উল্লেখযোগ্য যে এই বৃক্ষৰোপণ কাৰ্য্যসূচীত বিদ্যালয়খনৰ অধ্যক্ষাই তেখেতৰ ভাষণত প্লাষ্টিক আৰু পলিথিন ব্যৱহাৰৰ ভয়াবহতাৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ লগতে ‘প্লাষ্টিক আৰু পলিথিনৰ ব্যৱহাৰ ত্যাগ কৰি পৰিৱেশত প্ৰদূষণৰ মাত্ৰা কমাবৰ বাবেও উপদেশ দিয়ে।

আনহাতে ওপৰ মহলাৰ জ্যেষ্ঠ ভাৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিলীমা গোস্বামীয়ে  পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তৃতা  প্ৰদান কৰে।

উল্লেখযোগ্য যে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সংৰক্ষণৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছিল।

বিদ্যালয়খনৰ অধ্যক্ষা ড০ বৰুৱাই নৰ্থ ইষ্ট নাওক জনোৱা মতে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ পিছতে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি বৃক্ষৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত কৰে।

বিশ্ব পৰিৱেশ দিৱস ৰ সৈতে সংগতি ৰাখি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নীলা, সেউজীয়া আৰু মটীয়া ৰং সন্নিৱিষ্ট সাজ-পোছাক পৰিধান কৰি আহে। পৃথিৱীৰ পানীৰ ৰং নীলা, ঘাঁহ-বন, গছ-গছনিৰ ৰং সেউজীয়া আৰু মাটিৰ ৰং মটীয়া। গতিকে ছাত্ৰ-ছাত্ৰীসকলে পৃথিবীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা এই পোছাক-পৰিচ্ছদ পৰিধান কৰি অহা বুলি বিদ্যালয়খনৰ অধ্যক্ষা ড০ গীতা দত্ত বৰুৱাই আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।