মান্দাৰদিচা থ্ৰি এল পি স্কুলত কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন

ৰাভা দিৱস, হাফলং

সমগ্র ৰাজ্যৰ লগত সংগতি ৰাখি পাৰ্বত্য ডিমা হাচাও জিলাতো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মত্যু দিৱস ৰাভা দিৱস হিচাপে উদযাপিত হয়। ৰাভা দিৱস উপলক্ষে আজি মান্দাৰদিচা থ্ৰি প্ৰাথমিক বিদ্যালয় চৌহদত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক মানিক দত্তৰ উপৰি মান্দাৰদিচা তৃতীয় খণ্ড গাঁওৰ গাঁওবুঢ়া থাইলাল দাউলাগুপুৰ লগতে এছএমচি সভাপতি জয়চান্দ দাউলাগুপু আৰু মাতৃ গোটৰ সদস্য সকল উপস্থিত থাকে। ছাত্র-ছাত্রীসকলৰ অভিভাৱকসকলেও অনুষ্ঠানত ভাগ লয়।

অনুষ্ঠানৰ আৰম্ভণিতে কলাগুৰুৰ জীৱনৰ ওপৰত সংক্ষিপ্ত বক্তব্য আগবঢ়ায় বিদ্যালয়ৰ প্ৰধান শিক্ষক মানিক দত্তই। তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ আগত বিষ্ণু ৰাভাৰ সংক্ষিপ্ত জীৱনী দাঙি ধৰি কয় যে  ৰাভাই ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত যোগদান কৰি পৰাধীন ভাৰতবৰ্ষক মুক্ত কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছিল।

দত্তই লগতে কয় যে ৰাভা স্বাধীনতা সংগ্ৰামীৰ বাহিৰেও এগৰাকী সফল অভিনেতা আছিল। এগৰাকী নৃত্যশিল্পী, চিত্ৰশিল্পীৰ উপৰি তেওঁ আছিল এগৰাকী সমাজকৰ্মী। ৰাভাৰ আন পৰিচয় আছিল তেওঁ  অসম বিধানসভাৰ এগৰাকী সদস্যও আছিল। দত্তই কয় যে বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকাত হৈছিল আৰু  ১৯৬৯ চনৰ ২০ জুনত তেজপুৰত মৃত্যুবৰণ কৰে।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জয়চান্দ দাউলাগুপুয়ে ছাত্ৰ-ছাত্ৰী সকলক বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আৰু অধিক জানিবলৈ কিতাপৰ সহায় লোৱাৰ পৰামৰ্শ দিয়াৰ লগতে তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হোৱাৰ বাবে আহ্বান জনায়।