ৰাজ্যত বানৰ সংহাৰ : ৩০ জুনত এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশত অনিশ্চয়তা !

এন আৰ চি

অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশত জটিলতা আহি পৰিছে। ৰাজ্যত সৃষ্টি হোৱা বানৰ তাণ্ডৱৰ বাবেই পূৰ্ব নিৰ্দ্ধাৰিত সময় সূচী অনুসৰি ৩০ জুনত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ সম্পূৰ্ণ খচৰা পলমকৈ প্ৰকাশ হোৱাৰ সম্ভৱনাই দেখা দিছে।

বৰ্তমানলৈকে এন আৰ চিৰ কামৰ অগ্ৰগতিলৈ চাই ৩০ জুনত কোনো পধ্যেই প্ৰকাশ নাপায় এন আৰ চিৰ চূড়ান্ত খচৰা। অৱশ্যে ইয়াৰ কাৰণ আন নহয়, ৰাজ্যখনত আৰম্ভ হোৱা প্ৰলয়ংকাৰী বানৰ বাবে এই অনিশ্চয়তাৰ সৃষ্টি হৈছে।

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাত চলি থকা এন আৰ চি উন্নীতকৰণৰ কাম ইয়াত নিয়োজিত কৰ্মচাৰীসকলে যুদ্ধকালীন তৎপৰতাৰে চলাইছে যদিও বানপানীৰ বাবে বহু অঞ্চলত কাম স্থবিৰ হৈ পৰিছে। বিগত ছয়দিন ধৰি ৰাজ্যখনৰ সাতখন জিলাত এন আৰ চিৰ নথি-পত্ৰ পুনৰীক্ষণৰ কাম প্ৰায় বন্ধ হৈ পৰিছে।

জানিব পৰা মতে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই শীঘ্ৰেই অহা ৩০ জুনত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ বাবে আৰু কিছুদিন সময় বিচাৰি উচ্চতম ন্যায়ালয়ত শপতনামা যোগে আবেদন জনাব। বানপানীৰ বাবে সৃষ্টি হোৱা অসুবিধাৰ কথা উল্লেখ কৰি এই আবেদন জনাব বুলি জানিব পৰা গৈছে।

ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সদৰী কৰা মতে বিগত কেইদিন ধৰি বানপানীৰ ফলত বৰাক উপত্যকাকে ধৰি হোজাই, গোলাঘাট আৰু পশ্চিম কাৰ্বিং আংলং জিলাত বহু সংখ্যক এন আৰ চি কেন্দ্ৰ পানীৰ তলত বুৰ যোৱাত সেই অঞ্চলত আগতীয়া জাননী পাইও ৰাইজে নথি-পত্ৰ পৰীক্ষণৰ বাবে সংশ্লিষ্ট কেন্দ্ৰসমূহলৈ যাব পৰা নাই। সেয়েহে এন আৰ চিৰ বাবে জৰুৰী নথি-পত্ৰ পৰীক্ষণৰ কাম সম্পূৰ্ণ হৈ উঠা নাই।

আনহাতে, ৰাজ্যিক সমন্বয়কগৰাকীয়ে এইক্ষেত্ৰত এন আৰ চি প্ৰকাশৰ দিন পিছুওৱাৰ সম্ভাৱনা সম্পৰ্কে স্পষ্ট মন্তব্য কৰা নাই যদিও বান পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰখা বুলি সদৰী কৰিছে। যদিহে বান পৰিস্থিতিৰ উন্নতি নহয়, বৰঞ্চ অৱনতিহে ঘটে তেতিয়া কথাটো বিবেচনা কৰা হ’ব।

ইপিনে বানপানীৰ ফলত এন আৰ চি কেন্দ্ৰসমূহত কোনো নথি-পত্ৰ বিনষ্ট হোৱা নাই আৰু সকলোবোৰ সুৰক্ষিত হৈ আছে বুলি জানিব দিছে এন আৰ চি কৰ্তৃপক্ষই।

আনহাতে, ৰাজ্যখনত শীঘ্ৰেই বান পৰিস্থিতিৰ উন্নতি হোৱাৰ আশা ক্ষীণ দেখা গৈছে। এনেকৈ যদি বৰষুণ দি থাকে আৰু বান পৰিস্থিতিৰ অধিক অৱনতি ঘটে তেতিয়াহ’লে মাত্ৰ ১২ টা দিন বাকী থকা অৱস্থাত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাত অসুবিধাৰ সৃষ্টি হ’ব।

এইক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষই বান পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখাৰ লগতে পৰিস্থিতিৰ উন্নতি নঘটিলে উচ্চতম ন্যায়ালয়ত শপতনামযোগে সময় বিচৰাৰ গত্যন্তৰ নাথাকিব।