আকৌ অশান্ত হৈ পৰিছে ইজৰাইল আৰু পেলেষ্টাইন। যুদ্ধোন্মাদ হৈ পৰিছে দুই ৰাষ্ট্ৰ।
শনিবাৰে পুৱা হঠাতে পেলেষ্টাইনৰ হামাছ বাহিনীয়ে। শনিবাৰে পুৱা মাত্ৰ ২০ মিনিটতে গাজা ষ্ট্ৰিপৰ পৰা দক্ষিণ ইজৰাইললৈ ৫ হাজাৰ ৰকেট নিক্ষেপ কৰিছে হামাছ বাহিনীয়ে। ইয়াৰ উপৰিও পেৰাগ্লাইডাৰ উৰুৱাই ইজৰাইলত অনুপ্ৰৱেশ কৰিছে হামাছ বাহিনীয়ে।
ইয়াৰ পিছতেই ইজৰাইলে হামাছ বাহিনীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে।
খবৰ অনুসৰি দক্ষিণ ইজৰাইলত ব্যাপক সংঘৰ্ষ আৰম্ভ হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই সংঘাতত এতিয়ালৈকে ৪০ জন ইজৰাইল নাগৰিকৰ মৃত্যু হোৱাৰ লগতে কমেও ৫০০ লোক আহত হৈছে।
ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি কয় যে, “ইজৰাইলত বসবাস কৰা ভাৰতীয়সকলক সাৱধান হওক আৰু স্থানীয় প্ৰশাসনৰ নিৰ্দেশ অনুসৰি সুৰক্ষাৰ নিয়ম মানি চলক। অনুগ্ৰহ কৰি সজাগ হওক, অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক আৰু আশ্ৰয় শিবিৰৰ ওচৰত থাকক। জৰুৰীকালীন পৰিস্থিতিৰ উদ্ভৱ হ’লে ভাৰতীয় দূতাবাসৰ লগত যোগাযোগ কৰক”
ইজৰাইলৰ আৰক্ষীয়ে জনোৱা মতে, এই যুদ্ধ দীঘলীয়া হ’ব পাৰে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ভিডিঅ’ বাৰ্তাযোগে কয় যে আমি যুদ্ধ ঘোষণা কৰিছোঁ আৰু আমি নিশ্চিতভাবে জয়ী হ’ম।