Solar Eclipse 2023: বৃহস্পতিবাৰে বিৰল ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ব; ক’ত ক’ত দেখা যাব?

ফটো: সংগ্ৰহীত।

বৃহস্পতিবাৰে বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’বলৈ গৈ আছে বিশ্ব। সেই সূৰ্যগ্ৰহণটো হ’বলৈ গৈ আছে অতি বিৰল। ইয়াক কোৱা হৈছে ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ। মহাকাশ প্ৰেমীসকলে এই বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হ’বলৈ অধীৰ অপেক্ষা কৰি ৰৈছে। অৱশ্যে এই গ্ৰহণ ভাৰতৰ পৰা দেখা নাযাব।

এই গ্ৰহণক কিয় ‘হাইব্ৰিড’ সূৰ্যগ্ৰহণ বুলি কোৱা হৈছে? কাৰণ এই গ্ৰহণ সম্পূৰ্ণ সূৰ্যগ্ৰহণ বা আংশিক সূৰ্যগ্ৰহণো নহয়। দুয়োটাৰে মিশ্ৰণ।

লগতে পঢ়ক: ভাল নে বেয়া খবৰ! চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত ভাৰত

যেতিয়া সূৰ্য্য, চন্দ্ৰ আৰু পৃথিৱী একেটা সৰলৰেখাত গতি কৰে তেতিয়া চন্দ্ৰই সূৰ্যৰ পোহৰক পৃথিৱীলৈ অহাত বাধা দিলে সূৰ্যগ্ৰহণ হয়। কিন্তু এই ক্ষেত্ৰত চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে লুকুৱাব নোৱাৰে। গতিকে গ্ৰহণে সম্পূৰ্ণ পৰিসৰ পোৱাৰ পিছত সূৰ্য্যৰ কেন্দ্ৰটো আন্ধাৰ হয়, কিন্তু সূৰ্য্যৰ পোহৰ ইয়াৰ চাৰিওফালে উকি মাৰি ওলায়।

কেতিয়া এই সূৰ্যগ্ৰহণ দেখা যাব? ভাৰতীয় সময় অনুসৰি, পুৱা ৩:৩৪ বজাৰ পৰা সূৰ্যগ্ৰহণ আৰম্ভ হ’ব আৰু পুৱা ৪:২৯ বজাত শীৰ্ষত উপনীত হ’ব। সন্ধিয়া ৬:৩২ বজালৈকে গ্ৰহণ চলিব। সম্পূৰ্ণ সূৰ্যগ্ৰহণ প্ৰায় তিনি ঘণ্টা ধৰি চলিব যদিও এক মিনিটতকৈও কম সময়ৰ বাবে সূৰ্য্যৰ অধিকাংশ অংশ আৱৰি থাকিব।

ক’ৰ পৰা এই সূৰ্যগ্ৰহণ দেখা যাব? দক্ষিণ-পূব এছিয়া, অষ্ট্ৰেলিয়া, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, এন্টাৰ্কটিকাৰ পৰা সূৰ্যগ্ৰহণৰ বিভিন্ন মুহূৰ্ত দেখা যাব। অৱশ্যে অষ্ট্ৰেলিয়াৰ পশ্চিম উপকূলৰ এক্সমাউথৰ পৰা একমাত্ৰ সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখা যাব।

লগতে পঢ়ক: নাৰী শক্তি : শাৰী পিন্ধি দৌৰিলে ৪২ কিলোমিটাৰ, ৪১ বছৰীয়া শিক্ষয়িত্ৰীয়ে

কিন্তু এই বিৰল দৃশ্যৰ পৰা বঞ্চিত হ’ব ভাৰতীয়সকল। এই দেশৰ কোনো প্ৰান্তৰ পৰা কোনো সূৰ্যগ্ৰহণৰ মুহূৰ্ত (Solar eclipse 2023) দেখা নাযায়। মন কৰিবলগীয়া যে ইয়াৰ পিছত ১৪ অক্টোবৰত পুনৰ সূৰ্যগ্ৰহণ হ’ব।