অভূতপূৰ্ব! অজিংকা ৰাহানেৰ ধুমুহাত উৰি গ’ল মুম্বাই; ধোনীৰ হাতত পৰাজিত ৰোহিত

চলিত আই পি এলৰ দ্বাদশখন খেলত যোৱা ছিজনৰ পইণ্ট তালিকাৰ একেবাৰে তলত থকা দল দুটা মুখামুখি হৈছিল৷ কিন্তু যোৱাবাৰৰ ভুলৰ পৰা এটা দলে যে ভালদৰে শিক্ষা লৈছে সেয়া দেখা গ’ল ৱানখেড়ে ষ্টেডিয়ামত। মুম্বাই পৰাজয়ৰ ধাৰাবাহিকতাত আবদ্ধ হৈ আছে যদিও চেন্নাইয়ে ক্ৰমাগত দ্বিতীয়টো জয় লাভ কৰে। শনিবাৰে খেলখনত তেওঁলোকে ৭ উইকেটত জয় লাভ কৰে।

আৰম্ভণিতে বেটিং কৰি মুম্বাইয়ে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ সকলো  তাৰকা বেটছমেনে ৰবীন্দ্ৰ জাদেজা, মিচেল ছাণ্টনাৰৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে।

অধিনায়ক ৰোহিত শৰ্মাই ১৩টা বলত ২১ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলিলেও বাকীসকলে তেওঁৰ লগত তাল মিলাই ৰাণ তুলিব নোৱাৰিলে। ২১টা বলত সৰ্বাধিক ৩২ ৰান সংগ্ৰহ কৰে আনজন অ’পেনাৰ ঈশান কিষানে। টিম ডেভিডে ২২টা বলত ৩১ ৰানৰ ইনিংছ খেলে। ইয়াৰ উপৰি তিলক বাৰ্মাই ২২ আৰু ঋত্বিক শ্বোকিনে ১৮ ৰান কৰে।

চেন্নাইৰ হৈ জাদেজাই ৪ অভাৰত ২০ ৰান দি ৩টা উইকেট দখল কৰে। তুষাৰ দেশপাণ্ডে আৰু ছাণ্টনাৰে ২টাকৈ উইকেট দখল কৰে। ।

১৫৮ ৰাণৰ লক্ষ্য অনুসৰণ কৰি চেন্নাইয়ে আৰম্ভণিতে ডেভন কনৱেৰ উইকেট হেৰুৱায়। নিউজিলেণ্ডৰ অ’পেনাৰগৰাকীয়ে সন্মুখীন হোৱা চতুৰ্থটো বলত আউট হয়। কিন্তু তাৰ পিছত আৰু ঘূৰি চাব লগা নহ’ল চেন্নাইৰ।

আন এজন অ’পেনাৰ ৰুতুৰাজ গাইকোৱাডৰ সৈতে ৮২ ৰান যোগ দি অজিংকা ৰাহানেই সুদৃঢ় ভেটি গঢ়ে। ইয়াৰ ভিতৰত আৰ্শ্বদ খানৰ এটা অভাৰত ৰাহানেই ২৩ ৰান সংগ্ৰহ কৰে। মাত্ৰ ১৯টা বলত অৰ্ধশতক কৰে ৰাহানে, যিটো চলিত ছিজনত এতিয়ালৈকে আটাইতকৈ দ্ৰুততম অৰ্দ্ধশতক। ৭টা চাৰি আৰু ৩টা ছয়ৰে ২৭টা বলত ৬১ ৰানৰ ইনিংছ খেলি ৰাহানে আউট হয়।

ৰাহানে যোৱাৰ পিছত শিৱম ডুবেৰ লগত ৰুতুৰাজে দায়িত্ব লয়। ৰাণৰ গতি অক্ষুণ্ণ ৰাখি চেন্নাইক জয়ৰ দিশে লৈ যায়। লক্ষ্যটো কেতিয়াও হাতৰ বাহিৰলৈ যাবলৈ নিদিলে। অৱশ্যে ডুবে দলৰ ৰাণ বৃদ্ধিত বিশেষ অৰিহনা দিব নোৱাৰিলে। ২৬টা বলত ২৮ ৰান কৰি উভতি যায়। ইয়াৰ পিছত ৰুতুৰাজে ইমপেক্ট ছাব আম্বাতি ৰায়ুডু (২০*)ৰ সৈতে বাকীখিনি মসৃণভাৱে আগবঢ়াই লৈ যায়। দলৰ জয় নিশ্চিত কৰাৰ সমান্তৰালকৈ ৰতুৰাজে ৩৬টা বলত ৪০ ৰানেৰে অপৰাজিত হৈ থাকে।

মুম্বাইৰ জেছন বেহৰেণ্ডৰ্ফ, পিযুষ চাওলা আৰু কুমাৰ কাৰ্তিকেয়াই হাতত বল লৈ ১টাকৈ উইকেট দখল কৰে।

চেন্নাইয়ে ৩খন মেচত ২ খন জয়ৰ পৰা ৪ পইণ্ট লাভ কৰি চতুৰ্থ স্থান লাভ কৰে। দুয়োখন মেচতে জয়লাভ কৰি পঞ্জাব কিংছৰ পইণ্টো চেন্নাইৰ সৈতে সমান। অৱশ্যে মুম্বাইক পৰাস্ত কৰি মহেন্দ্ৰ সিং ধোনিৰ দলটোৱে নেট ৰান ৰেটত আগবাঢ়ি যায়। একেই কাৰণতে ৰাজস্থান ৰয়েলছ, লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু গুজৰাট টাইটানছ চেন্নাইৰ দৰে একে পইণ্টেৰে শীৰ্ষ তিনিটা স্থানত আছে। আনহাতে, একেৰাহে দুটাকৈ পৰাজয়ৰ সৈতে মুম্বাই তালিকাৰ তলত আছে।