আদানীয়ে মধ্যমণি! ৰাহুল গান্ধীৰ টুইটকলৈ ক্ষুব্ধ হিমন্ত বিশ্ব শৰ্মাই ক’লে-‘আদালতত দেখা হ’ব’

পুনৰ আদানী বিষয়ত শনিবাৰে সৰৱ হয় ৰাহুল গান্ধী। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে আদানী গ্ৰুপ কোম্পানীত ২০ কোটি টকা কোনে বেনামী বিনিয়োগ কৰিছিল? এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম প্ৰকাশ নকৰাকৈ আক্ৰমণ কৰা ৰাহুলৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁৰ ভাষাত, “শালীনতা ৰক্ষা কৰি কেতিয়াও প্ৰশ্ন কৰা নাছিলো যে আপুনি ব’ফৰ্চ আৰু নেচনেল হেৰাল্ডৰ কেলেংকাৰীৰ ধন ক’ত লুকুৱাই ৰাখিছিল।” হিমন্তই কংগ্ৰেছ নেতাগৰাকীক সকীয়াই দিয়ে, “আদালতত দেখা হ’ব।”

শনিবাৰে ৰাহুলে টুইট কৰি কৈছিল যে ‘সত্য লুকুৱাব লাগিব, সেয়ে ইয়াক বিভ্ৰান্ত কৰা হৈছে।‘  লগতে লিখিছে, “প্ৰশ্নটো হ’ল, আদানীৰ কোম্পানীত ২০ হাজাৰ কোটি বেনামী বিনিয়োগ কাৰ টকা?”

লগতে পঢ়ক: চমৎকাৰ! শীঘ্ৰেই আহি আছে কেন্সাৰ আৰু হৃদৰোগৰ ভেকচিন; প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

কংগ্ৰেছ নেতাগৰাকীয়ে নিজৰ পোষ্টটোত এটা গ্ৰাফিক্সো শ্বেয়াৰ কৰে। ইয়াত গুলাম নবী আজাদ, জ্যোতিৰাদিত্য সিন্ধিয়া, এন কিৰণ কুমাৰ ৰেড্ডী, হিমন্ত বিশ্ব শৰ্মা আৰু অনিল এণ্টনীৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াতেই ক্ষুব্ধ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা।

ৰিটুইট কৰি হিমন্তই কয় যে ‘’ এইটো আমাৰ শালীনতা আছিল যে আপোনাক কেতিয়াও সোধা নাছিলো, আপুনি বফ’ৰ্ছ আৰু নেশ্যনেল হেৰাল্ডৰ কেলেংকাৰীৰ ধন ক’ত লুকুৱাই ৰাখিছে।‘’ ইয়াতে ক্ষান্ত নাথাকি মুখ্যমন্ত্রী হিমন্তৰ মন্তব্য, “আপুনি কেনেকৈ অট্টাভিঅ’ কোৱাট্ৰ’চ্চিক ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিছিল, তেওঁক একাধিকবাৰ বচাইছিল৷ যিয়েই নহওক, আদালতত দেখা হ’ব।”

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ পিছৰে পৰা কংগ্ৰেছ আদানী কাণ্ডকলৈ সৰৱ হৈ আছে। এই সন্দৰ্ভত লোকসভাত ৰাহুল গান্ধীয়ে বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ আদানী-মোডীৰ ঘনিষ্ঠতাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত গুজৰাটৰ আদালতে মোডী উপাধিৰ সৈতে জড়িত গোচৰটোত ৰাহুলক দোষী সাব্যস্ত কৰি ৰাহুলক ২ বছৰৰ কাৰাদণ্ড বিহে। এদিন পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলৰ সাংসদ পদ বাতিল কৰে।

ৰাহুলে অৱশ্যে আদানী বিষয়ত মোডীক আক্ৰমণ অব্যাহত ৰাখিছে। লগতে শনিবাৰৰ টুইটত তেওঁ প্ৰাক্তন কংগ্ৰেছীসকলৰ নাম লৈ কটাক্ষ কৰে। তাৰেই  উত্তৰ দিছে হিমন্তই।