পাৱাৰ প্লেয়াৰ; ফুটবলৰ দৰে ক্ৰিকেটতো খেল চলি থকাৰ সময়তে সলনি হ’ব খেলুৱৈ

22rcb-win1

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলক অধিক গতিশীল তথা ৰোমাঞ্চকৰ কৰাৰ লক্ষ্যৰে কেতবোৰ নতুন নিয়ম প্ৰযোজ্য কৰাৰ পৰিকল্পনা কৰিছে বি চি চি আইয়ে।

বি চি চি আইৰ এগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তাই জনোৱা অনুসৰি অহা বৰ্ষৰ আই পি এলৰ মেচত পাৱাৰ প্লেয়াৰ নিয়মৰ প্ৰৱৰ্তন কৰাৰ চিন্তা চৰ্চা চলি আছে।

এই নতুন নিয়ম প্ৰৱৰ্তন হ’লে মেচৰ যিকোনো মুহুৰ্তত এটা উইকেট পতন হ’লে অথবা অ’ভাৰৰ অন্তৰ পাছত যিকোনো দলে এজনৰ পৰিৱৰ্তে আন এজন খেলুৱৈক খেল পথাৰত নমাব পাৰিব।

কৰ্মকৰ্তাজনে কয়, ‘আমি চিন্তা চৰ্চা কৰি আছো য’ত দল সমূহে প্লেয়িং ইলেভেনৰ বিপৰীতে ১৫ জনীয়া তালিকা দিব লাগিব। আৰু মেচ চলি থকাৰ সময়ত উইকেট পতন হ’লে অথবা অ’ভাৰৰ অন্তৰ পাছত যিকোনো দলে এজনৰ পৰিৱৰ্তে আন এজন খেলুৱৈক খেল পথাৰত নমাব পাৰিব। আই পি এলৰ পূৰ্বে আগন্তুক চৈয়দ মুস্তাক আলী ট্ৰফীত এই নিয়ম প্ৰযোজ্য কৰাটো ঠিক হ’ব’।

ইয়াৰ উপৰি তেওঁ কয় যে এই নিয়ম ইতিমধ্যে গৃহীত হৈছে যদিও আজি বি চি চি আইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব লগীয়া আই পি এল গৱৰ্নিং বডিৰ বৈঠকতহে বিস্তৃত ৰূপত আলোচনা কৰা হ’ব।

আনহাতে এই নিয়মে আই পি এলত কেনে ধৰণৰ প্ৰভাৱ পেলাব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত কৰ্মকৰ্তাজনে কয়, ‘ধৰক অন্তিম অ’ভাৰত বেটিং কৰি থকা দলটোক ২০ ৰানৰ প্ৰয়োজন আৰু ডাগ আউটত বহি আছে আন্দ্ৰে ৰাছেলৰ দৰে বিস্ফোৰক বেটছমেন। প্লেয়িং ইলেভেনত নাথাকিলেও সেই সময়ত ৰাছেলে ক্ৰিজলৈ আহি মেচ সলনি কৰি দিব পাৰে’।

এই সন্দৰ্ভত তেওঁ পুনৰ কয়, ‘ঠিক সেইদৰে যদি ফিল্ডিং কৰি থকা দলে অন্তিম অ’ভাৰত ৬ ৰান বচাব লগীয়া হয় আৰু সেই সময়ত ডাগ আউটত বহি আছে ডেথ অ’ভাৰৰ স্পেচিয়েলিষ্ট জশপ্ৰীত বুমৰাহ। তেতিয়া বুমৰাহে অন্তিম অ’ভাৰ দিয়াৰ সুযোগ লাভ কৰিব। এয়া অধিনায়ক তথা দলৰ বাবে মংগলৰ বিষয়’।

ইয়াৰ উপৰি এই নতুন নিয়মে টিম মেনেজমেণ্টক মেচৰ ৰণনীতি তৈয়াৰত সহায়ক হ’ব বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত হ’লে তেওঁৰ ঠাইত আন এজন খেলুৱৈ প্লেয়িং ইলেভনৰ অংশীদাৰ হ’ব পৰাৰ নিয়ম ইতিমধ্যে প্ৰযোজ্য হৈছে।