• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ নিৰ্বাচনী যুঁজ : বিজেপিৰ হাই প্ৰফাইল নেতাৰ বিপৰীতে তৃণমূল কৰ্মীয়ে ভৰসা কংগ্ৰেছৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 2, 2019 12:48 pm
2019-04-02_11.28.07

যোৰহাটত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৰ্ষণীয় যুঁজ হ’ব বুলি ধাৰণা কৰা যোৰহাট লোকসভা সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযাত তুংগত। আঠ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰা যোৰহাট লোকসভা সমষ্টিত মূল যুঁজ বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হ’ব। যোৰহাট লোকসভা সমষ্টিৰ ৬ টা বিধানসভা সমষ্টি বিজেপি আৰু মিত্ৰজোঁট অগপৰ দখলত থকাৰ বিপৰীতে কংগ্ৰেছৰ দখলত আছে ৪টা বিধান সভা সমষ্টি।

চৰাইদেউৰ ২টা, শিৱসাগৰৰ  ৪টা আৰু যোৰহাটৰ ৪টা বিধান সভা সমষ্টিক লৈ গঠিত যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানত জপিয়াই পৰিছে।

বিজেপিৰ হৈ প্ৰচাৰ অভিযানত বহু হাইপ্ৰফাইল নেতাৰ আগমন ঘটিছে সমষ্টিটোলৈ। তপন কুমাৰ গগৈৰ হৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে ২৮ মাৰ্চত টিয়কত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰাৰ লগতে ৩০ মাৰ্চত মৰাণত দেশৰ প্ৰধান মন্ত্ৰীয়ে নিৰ্বাচনী সভাত অংশ লৈ তপন কুমাৰ গগৈক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

তদুপৰি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰীয় সভাপতি,মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দুৱৰী, যোগেন মহন, প্ৰদীপ হাজৰিকা, ৰেণুপমা ৰাজখোৱাই নিজ নিজ সমষ্টিত ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে।

আনহাতে, বিজেপিৰ হাইপ্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে কংগ্ৰেছৰ কোনো এগৰাকী ৰাষ্ট্ৰীয় কিম্বা ৰাজ্যিক পৰ্যায়ৰ নেতাই সমষ্টিটোত প্ৰচাৰ চলোৱা নাই। প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈসহ ১০ টা বিধান সভাৰ সমষ্টিৰ বিধায়ক তথা তথা নেতাক লৈয়ে প্ৰচাৰ চলাইছে সুশান্ত বৰগোহাঁইয়ে।

কংগ্ৰেছ প্ৰাৰ্থীজনৰ লগত ৰূপজ্যোতি কুৰ্মী, বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, শৰৎ বৰকটকী,  অংকিতা দত্ত, যুৱ নেতা প্ৰমীৰ গগৈ, সুভ্ৰমিত্ৰ গগৈ, সুৰুজ দিহিঙ্গীয়া আদিকে ধৰি যুৱ কংগ্ৰেছী সকলো নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। সুশান্ত বৰগোহাঁইয়ে ইতিমধ্যেই সাংবাদিকৰ আগত তেখেতৰ ষ্টাৰ কেম্পেইনাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল বুলি উল্লেখ কৰিছিল।

ইপিনে, সাংগঠনিক শক্তিৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ বিজেপি যথেষ্ট শক্তিশালী। চহৰৰ পৰা গাঁৱলৈ বিজেপি সাংগঠনিকভাৱে সংঘবদ্ধ হৈ আছে। কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতাৰ উদাসীনতা তথা দায়িত্বহীনতাৰ বাবে সাংগঠনিক দিশ এক প্ৰকাৰ চেদেলি ভেদেলি হৈ আছে।

অৱশ্যে, কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে বিগত কেইমাহ মান ধৰি প্ৰচেষ্টা অৱ্যাহত ৰাখিছিল যদিও বাকী বিধায়ক তথা ৰাজ্যিক পৰ্যায়ৰ নেতা সকলে এই ক্ষেত্ৰত নিৰব ভূমিকা পালন কৰি আহিছে।

ইতিমধ্যে দুয়োগৰাকী যুৱ প্ৰাৰ্থীয়ে সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। তদুপৰি, দুয়োগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ  নিৰ্বাচনী গীত ৰচনা কৰি ভোটাকৰ আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। আনকি, দুয়োগৰাকী প্ৰাৰ্থীয়ে সামাজিক মাধ্যম ফেচবুকতো প্ৰচাৰ চলাইছে ।

অৱশ্যে, যোৰহাট লোকসভা সমষ্টিত কোনে শেষ হাঁহি মাৰিব তাৰ বাবে ভোটাৰ ৰাইজ অহা ২৩ মে’ লৈ অপেক্ষা কৰিব লাগিব।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd