গুৱাহাটীত তিনিটা নতুন কণ্টেইনমেণ্ট জ’ন ঘোষণা

2411 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈ থকাৰ মাজতে গুৱাহাটী মহানগৰীত বৃদ্ধি কন্টেইনমেন্ট ন৷

শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাত  দুজন কৰনাত আক্ৰান্ত হৈছিল৷ সেয়ে শেহতীয়াকৈ ৩টা অঞ্চল কন্টেইমেন্ট হিচাপে প্ৰশাসনে ঘোষণা কৰে৷

ৰুক্মিণী গাঁও, ফটাশিল আমবাৰী আৰু কটাহবাৰী অঞ্চলক কন্টেইনমেন্ট হিচাপে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷

ইতিমধ্যে সেই সকলো স্থানক চেনিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে৷

উল্লেখযোগ্য যে ৰাকেশ সিং নামৰ আক্ৰান্তজন আছিলে ফটাশিল আমবাৰীৰ এটি ভাড়াঘৰত৷ সেয়ে তাৰ ওচৰৰ অঞ্চলসমূহ কন্টেইনমেন্ট হিচাপে ঘোষণা কৰা হয়৷

গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰো এটা এলেকাক কৰা হৈছে কণ্টেইনমেণ্ট ন।

ত্রিপুৰাৰে এগৰাকী কৰনা আক্ৰান্ত যুৱতী আছিল ৰুক্মিণীগাঁৱৰ এটা ভাড়াঘৰত। আক্রান্ত যুৱতীগৰাকীৰ নাম শ্বিয়াৰী দেৱবাৰ্মা।