নাগৰিক সমাজৰ সভা আহ্বানত প্ৰশাসনৰ বাধা; প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ অজিত কুমাৰ ভূঞাৰ

index.jpg55

ল’কডাউনৰ চলি আছে আৰু ল’কডাউনৰ পৰবৰ্তী সময়ছোৱাত কেনে সমস্যাৰ আমি সন্মুখীন হ’ব লাগিব এই সন্দৰ্ভে বিৰোধী দলৰ প্ৰতিনিধি, সংগঠন সমূহৰ প্ৰতিনিধি, সমাজৰ বিশিষ্ট নাগৰিক সমাজক লৈ সকলো নীতি নিৰ্দেশনা মানি মঙলবাৰে বিয়লি তিনি বজাত হেদ্যেয়ৎপুৰত আলোচনা কৰাৰ কথা আছিল কিন্তু মহানগৰ আৰক্ষীয়ে এই বৈঠক অনুষ্ঠিত কৰাৰ বাবে অনুমতি নিদিলে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ।

ভূঞাই কয় যে ‘তলাবন্ধ চলি আছে আৰু তলাবন্ধৰ পৰবৰ্তী সময়ছোৱাত কেনে সমস্যাৰ আমি সন্মুখীন হ’ব লাগিব এই সন্দৰ্ভত বিৰোধী ৰাজনৈতিক দলসমূহে আৰু সমাজৰ বিশিষ্ট ব্যক্তি সকলে কি ভাবিছে এই বিষয়ে এই কথা জনাৰো নিশ্চয় প্ৰয়োজন আছে। মই এই উদ্দেশ্য আগত ৰাখিয়ে বিৰোধী দলৰ প্ৰতিনিধি ,সমাজৰ আগশাৰীৰ বিশিষ্ট নাগৰিকক লৈ এখন সভা আয়োজন কৰাৰ কথা ভাবিছিলো। আমি সকলো নিৰ্দেশনা মানি লৈ সামাজিক দূৰত্বৰ লগতে স্বাস্থ্য জনিত সকলো নীতি নিৰ্দেশনা মানি এখন সভাৰ আয়োজন কৰি সেই বিষয়ে প্ৰশাসনক জনাওঁ ।সকলো আয়োজনৰ পিছত জিলা প্ৰশাসনে সভা খন অনুষ্ঠিত কৰিবলৈ নিদিলে।’

ভূঞাই এই কথাত আচৰিত হৈ পৰাৰ লগতে তেওঁ কয়, ‘চৰকাৰে প্ৰতিদিনে সভা অনুষ্ঠিত কৰি আছে। তেওঁলোকে চৰকাৰী বিষয়াসকলৰ লগত আলোচনা কৰি আছে এয়া এক জৰুৰী বিষয় সেই কথা আমি জানো। কিন্তু তেওঁলোকে সংবাদমেল প্ৰতিদিনে অনুষ্ঠিত কৰিছে য’ত ৩০-৩৫ জন সাংবাদিক উপস্থিত থাকে। বিভিন্ন ঠাইলৈ যাওঁতে সাংবাদিক লগত লৈ যায়। তেওঁলোকে যেতিয়াই যি ভাবিছে সেই মতে সভা অনুষ্ঠিত কৰিছে। কিন্তু সকলো নীতি নিয়ম মানি আমি সভা অনুষ্ঠিত কৰিবলৈ খোজতে তাক বাধা দিয়াৰ কি কাৰণ থাকিব পাৰে সেই কথা বুজা নাই। এই কথাত মই অতি স্তম্ভিত হৈছো।’

আনহাতে ভূঞাই কয় এনে এক গুৰুত্বপূৰ্ণ বিষয় চৰকাৰৰহে কেবল ক’ব লগা আছে বাকী ৰাজনৈতিক দল সমূহৰ ক’ব লগা একো নাই বা বিশেষ ব্যক্তিসকলৰ ক’ব লগা একো নাই এনেকুৱা কথা নিশ্চয় থাকিব নোৱাৰে। চৰকাৰৰ এই বাধা নিষেধ কৰি আছে তাক মই বিৰোধিতা কৰিছো।

চৰকাৰক এই বিষয় টো পৰ্যালোচনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে এনে ধৰণৰ আলাপ আলোচনাৰ অনুমতি দিবলৈ আহ্বান জনাই ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ।