উৎক্ষেপণৰ পিছতে অঘটন! হুৰমূৰাই ভাঙি পৰিল মাস্কৰ প্ৰথমখন মহাকাশযান

ফটো: সংগ্ৰহীত।

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনৰ সংস্থাটোৱে নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ মহাকাশযান। কিন্তু ষ্টাৰশ্বিপখন উৎক্ষেপণৰ পিছত কেইমিনিটমানহে চলিল। ইলন মাস্কৰ কোম্পানী স্পেচএক্সে নিৰ্মাণ কৰা এখন ষ্টাৰশ্বিপ উৎক্ষেপণৰ কিছু মুহূৰ্তৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়।

ষ্টাৰশ্বিপখন ভাঙি পৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে মাস্কৰ সংস্থা স্পেচএক্সে চন্দ্ৰ আৰু মংগল গ্ৰহৰ অভিযানৰ বাবে বিশেষ মহাকাশযান নিৰ্মাণ কৰি আছে।

লগতে পঢ়ক: ডমিনিক ৰাবৰ পদত্যাগ, ব্ৰিটেইনৰ নতুন উপ-প্ৰধানমন্ত্ৰী পদত সুনাকৰ ঘনিষ্ঠ অলিভাৰ ডাউডেন

বৃহস্পতিবাৰে টেক্সাছৰ বোকা চিকাৰ পৰা মুকলি কৰা হয় মাস্কৰ সংস্থাৰ ষ্টাৰশ্বিপ। কোৱা হৈছিল যে ষ্টাৰশ্বিপখন ৰকেটৰ সৈতে উৎক্ষেপণ কৰা হ’ব। তিনি মিনিটৰ পিছত এই মহাকাশযানখন ৰকেটৰ পৰা পৃথক হৈ মহাকাশত প্ৰৱেশ কৰিব।

কিন্তু ৰকেটটো সফল নিক্ষেপণৰ পিছতো বিশৃংখলতাৰ সৃষ্টি হয়। মাস্কৰ মহাকাশযানখন পৃথক হৈ মহাকাশত প্ৰৱেশ কৰাৰ পৰিৱৰ্তে মাটিতহে উবুৰি খাই পৰিল।

লগতে পঢ়ক: লক্ষ্য গুজৰাটৰ আম্বানিৰ চিৰিয়াখানা! হাতী কঢ়িয়াই অনা ৪৯খন ট্ৰাকক লৈ তিনিচুকীয়াত উত্তেজনা

অৱশ্যে, এই কাণ্ডৰ পিছতো স্পেচএক্সে ষ্টাৰশ্বিপ উৎক্ষেপণ সফল বুলি দাবী কৰিছে। সংস্থাটোৰ মতে, “আমি বিফলতাৰ পৰা শিকো, যাৰ পৰাই সফলতা আহে। কিন্তু স্পেচএক্সৰ এই ষ্টাৰশ্বিপখন আগন্তুক দিনত অধিক উন্নতি কৰিব।” ইপিনে, ইলন মাস্ক ইমান সোনকালে ষ্টাৰশ্বিপ মুকলি কৰাৰ পক্ষত নাছিল বুলি শুনা গৈছে।

বৃহস্পতিবাৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীয়ে টুইট কৰি নিজৰ সংস্থাটোৰ বিফলতা সত্ত্বেও কৰ্মীসকলক প্ৰশংসা কৰে। তেওঁ কয়, ‘এই ষ্টাৰশ্বিপ উৎক্ষেপণ অতি কঠিন আছিল। এনে বৃহৎ পৰিসৰৰ মহাকাশ যান প্ৰথমবাৰৰ বাবে উৎক্ষেপণ কৰা হৈছে। এনে পৰিস্থিতিত বহু ৰকেট বিকল হ’বই পাৰে।”

জানিব পৰা মতে, মাস্কে কেইমাহমানৰ পিছত পুনৰ এই ষ্টাৰশ্বিপখন উৎক্ষেপণৰ পৰিকল্পনা কৰিছে। প্ৰথম ব্যৰ্থতাৰ পৰা শিক্ষা ল’ব বুলি আশা ব্যক্ত কৰিছে মাস্কে।