গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কয়েদীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ

images (13)

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। ফাইল ফটো

এইবাৰ ৰাজ্যখনত কয়দীৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাচৰ অৱস্থিতি ৷

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী এজনৰ দেহত ধৰা পৰিছে ক’ৰনা ভাইৰাছৰ উপস্থিতি।

বৃহস্পতিবাৰে কয়দী জনৰ দেহত এই মাৰাত্মক ভাইৰাচৰ উপস্থিতি ধৰা পৰে ৷

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা এই কয়দী জনৰ নাম হৈছে জিন্তু নাথ ৷

চুৰিৰ গোচৰত কাৰাবন্দী হৈ আছিল কৰ’না আক্ৰান্ত কয়দী জন ৷

যোৱা ১জুনত দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰিছিল জিন্তু নাথক ৷

গুৰুত্ব পূর্ণ কথাটো হ’ল যে আক্রান্ত কয়দী জনৰ বৰ্তমানলৈ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই বুলি জানিব পৰা গৈছে ৷

আনহাতে, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই তাৎক্ষণকভাৱে কাৰাগাৰ ভ্ৰমণ কৰি কাৰাগাৰ কৰ্তৃপক্ষক ৰোগীজন হাস্পাতললৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

জানিব পৰা মতে, কোভিড-১৯ পজিটিভ লোকজনৰ ঘৰ বেলতলাত। আন সাতজন কয়েদীৰ সৈতে তেওঁক কাৰাগাৰাত আইছ’লেশ্যনত আছিল।

সকলো কেইজন কয়েদীৰে নমুনা পৰীক্ষা কৰাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তাৰে দুজনৰ পৰীক্ষাত নিগেটিভ আহিছে।

তদুপৰি,  যোৱা ১ জুনত জালুকবাৰীৰ অঞ্চলৰ পৰা এখন বাইকৰ সৈতে জিন্তু নাথক গ্ৰেপ্তাৰ কৰা দিছপুৰ থানাৰ চাৰিজন বিষয়াকো কোৱাৰেন্টাইন কৰা হৈছে।

জানিব পৰা মতে, বৰ্তমান গুৱাহাটী কেন্দ্ৰী কাৰাগাৰত ১১১৭জন কয়েদী আছে।

উল্লেখ্য যে বৃহস্পতি বাৰৰ দিনটোত ৰাজ্যখনত ২৮৫ জন লোক কৰ’নাত আক্ৰান্ত হয় ৷

ৰাজ্যখনত ইতিমধ্য ২১১৫জন লোক কৰ’না ভাইৰাচত আক্ৰান্ত হৈছে ৷