বছৰটোৰ প্ৰথম পৰীক্ষাত ইছৰোৰ ৩ টা উপগ্ৰহৰ সৈতে SSLV-D2 ৰকেটৰ মহাকাশ যাত্ৰা

SSLV-D2 উৎক্ষেপণৰ জৰিয়তে ইছৰোৱে মহাকাশলৈ তিনিটা উপগ্ৰহ – EOS-07, Janus-1 আৰু AzaadiSAT-2 প্ৰেৰণ কৰে।  এই তিনিটা উপগ্ৰহ মহাকাশত ৪৫০ কিলোমিটাৰ বৃত্তাকাৰ কক্ষপথত স্থাপন কৰিবলৈ ইছৰোৱে শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা SSLV-D2 উৎক্ষেপণ কৰে।

‘আজি পুৱা ৯-১৮ বজাত ‘স্মল ছেটেলাইট লঞ্চ ভেহিকল’ মহাকাশলৈ উৰা মাৰে। এইবছৰ ইছৰোৰ এইটো প্ৰথম উৎক্ষেপণ আছিল। ৩৪ মিটাৰ দীঘল ৰকেটটোত উৎক্ষেপণৰ আগতে চাৰে ছয় ঘণ্টাৰ কাউন্টডাউন হয়।

আজিৰ ৰকেটত থকা EOS-07 উপগ্ৰহটো হৈছে পৰ্যৱেক্ষণ উপগ্ৰহ। আনহাতে, Janus-1 উপগ্ৰহটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এণ্টাৰিছ কোম্পানীয়ে নিৰ্মাণ কৰিছে। তদুপৰি, ৰকেটটোৰ তৃতীয় উপগ্ৰহ আছিল AzaadiSAT-2 । এই উপগ্ৰহটো চেন্নাইস্থিত স্পেচ কিডছ ইণ্ডিয়াই নিৰ্মাণ কৰিছে।

ইয়াৰ ভিতৰত, EOS-07 উপগ্ৰহৰ ওজন ১৫৬.৩ কিলোগ্ৰাম। Janus-1 উপগ্ৰহৰ ওজন ১০.২ কিলোগ্ৰাম। সেইদৰে, AzaadiSAT-2 উপগ্ৰহৰ ওজন ৮.৭ কিলোগ্ৰাম।

ইয়াৰ পূৰ্বে, ‘স্মল ছেটেলাইট লঞ্চ ভেহিকল’ ৰ প্ৰথম সংস্কৰণটো যোৱা বছৰৰ ৭ আগষ্টত মুকলি কৰা হৈছিল। অৱশ্যে, সেই উৎক্ষেপণ আংশিকভাৱে সফল হৈছিল। ৰকেটটো কক্ষপথৰ পৰা অলপ আঁতৰি গৈছিল।

উল্লেখ্য যে এই SSLV ৰকেটবোৰে পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰায় ৫০০ কিলোগ্ৰামৰ পেলোড কঢ়িয়াই নিব পাৰে। এই ৰকেটটো কম খৰচত মহাকাশলৈ উপগ্ৰহ প্ৰেৰণ কৰিবলৈ অতি উপযোগী।