নিৰ্বাচনী বিষয়াৰ দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত কলিয়াবৰত অব্যাহত আছে সংবাদ সেৱীৰ প্ৰতিবাদী কাৰ্যসূচী।
নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাৰ দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত মঙল বাৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে কলিয়াবৰৰ সমূহ সংবাদসেৱীয়ে।
উল্লেখ্য যে, কলিয়াবৰৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাই যোৱা ২৫ ফেব্ৰুৱাৰীত সাংবাদিকৰ এটা দলক দুৰ্ব্যৱহাৰ কৰাৰ পিছত বিষয়া গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কলিয়াবৰৰ সমূহ সংবাদসেৱীয়ে দাবী কৰা ৭২ ঘণ্টা উকলি যোৱাৰ পিছতো প্ৰশাসনে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই।
ইয়াৰ প্ৰতিবাদত মঙলবাৰে পুৱা ১১ বজাৰ পৰা কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সমূহ সংবাদ সেৱীয়ে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মৰ্যাদাত আঘাত হনা নিৰ্বাচনী বিষয়া গৰাকীক দায়িত্বৰ পৰা অব্যাহতি অথবা কলিয়াবৰৰ পৰা বদলি কৰাৰ দাবীত অটল হৈ আছে কলিয়াবৰৰ সমূহ সংবাদসেৱী।
শীঘ্ৰে দাবী পূৰণ নহ’লে আগন্তুক নিৰ্বাচন সম্পৰ্কীয় সকলো চৰকাৰী কাৰ্যসূচীতে অসহযোগিতাৰ হুংকাৰ দিয়ে প্ৰতিবাদী সাংবাদিকসকলে।
সাংবাদিকৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছু, যুৱ ছাত্ৰ পৰিষদ, চিপিআইএমএলকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।