অসমৰ মানুহৰ কল্পনাৰ বাহিৰত চলি আছে চুপাৰিৰ বৃহৎ চিণ্ডিকেটৰাজ : অখিল গগৈ

‘অসমৰ মানুহৰ কল্পনাৰ বাহিৰত চলি আছে চুপাৰিৰ বৃহৎ চিণ্ডিকেটৰাজ।‘ পুনৰ চুপাৰি চিণ্ডিকেটৰ বিৰুদ্ধে সৰব হৈ উঠা অখিল গগৈয়ে শণিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিস্থিত মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এইদৰে কয়।

সমগ্ৰ ভাৰততে অসমৰ মূল তিনিজন মাফিয়াই চুপাৰি চিণ্ডিকেট চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘মূলত তিনিজন মানুহে চলাই আছে এই চিণ্ডিকেটৰাজ। গোলাঘাটৰ বাবলু ওৰফে আব্দুল হান্নান আলী, শিলচৰৰ দীপাংকৰ দেব আৰু কাছাৰৰ অঞ্জন পাল।‘

‘আমাৰ হাতত টেষ্ট ৰিপৰ্ট আছে। এই চুপাৰিৰ পৰা ডি এছ গ্ৰুপে প্ৰস্তুত কৰে কেন্সাৰৰ অন্যতম কাৰণ গুটখা। এই গোটেই কাণ্ডৰ মূল তিনিজন কাণ্ডাৰী অসমতে আছে।‘ অখিলৰ দাবী।

তদুপৰি, সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয়, ‘৬ আগষ্টৰ যিখন বৈঠক তাজ ভিভান্টাত হৈছিল, জনামতে কাফিল আহমেদ নামৰ বৰাকৰ মাফিয়া, শইকীয়া উপাধিধাৰী বাবলুৰ এটা এজেন্ট, তিনিজন আৰক্ষী অধীক্ষক ক্ৰমে মানবেন্দ্ৰ দেবৰয়, পাৰ্থ সাৰথি মহন্ত, ইন্দ্ৰানী বৰুৱা (এছ এছ পি, চি আই ডি) আৰু লগত এজন আইজিপিৰ সৈতে এক গোপন বৈঠক হৈছিল’।

ইপিনে, ‘ এ এছ ২৫ জে ০০০১ নম্বৰৰ এখন গাড়ী সংবাদ মাধ্যমত বহুলভাৱে দেখুৱাই থকা হৈছিল।‘ বুলি উল্লেখ কৰি এই গাড়ীখন কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ’ বুলি তেওঁ দাবী কৰে।

অখিলে কয়, ‘এই গাড়ীখন পাৰ্থ সাৰথি মহন্তই ব্যৱহাৰ কৰে। মালিক বেলেগ হ’লেও গাড়ীখন মহন্তই ব্যৱহাৰ কৰে। কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষীৰ সৈতে কথা পাতিছিলো তেওঁলোকে কনফাৰ্ম কৰিছে যে সেই গাড়ীখন পাৰ্থ সাৰথি মহন্তই ব্যৱহাৰ কৰা গাড়ীয়েই হয়। উক্ত দিনটোত তেওঁ আৰু তেওঁৰ পত্নী ইন্দ্ৰানী বৰুৱা তাজ হোটেলত উপস্থিত আছিল।‘

ইপিনে, অখিল গগৈয়ে অনা এই গুৰুতৰ অভিযোগৰ পাছত আমাৰ সাংবাদিকে ৪ বাৰকৈ পাৰ্থ সাৰথি মহন্তৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল যদিও তেওঁ ফোন ৰিচিভ নকৰে।

‘অসম পুলিছে এই গোপন বৈঠকৰ ওপৰত কিবা গোচৰ দিলেনে? সংবাদমাধ্যমত এই বাতৰি প্ৰকাশ পাছতো অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়? এই গোপন বৈঠকৰ চিচি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰা হ’ল নে?’ অখিল গগৈৰ প্ৰশ্ন।

অসমত চলি থকা চুপাৰি চিণ্ডিকেটৰ সমগ্ৰ তেওঁৰ ওচৰত থকা বুলি দাবী কৰি প্ৰয়োজনত এই তথ্যখিনি ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰিবলৈয়ো প্ৰস্তুত বুলি গগৈয়ে কয়।