• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাৰ পৰৱৰ্তী সেনা প্ৰধান পদত লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2019 11:21 am
Lt-Gen-Manoj-Mukund-Naravane

দেশৰ পৰৱৰ্তী সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান সেনাৰ উপ মুখ্য সেনাধ্যক্ষ হিচাপে সেৱা আগবঢ়াই থকা লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটৰ স্থানত স্থলাভিষিক্ত হ’ব।

বৰ্তমানৰ সেনা প্ৰধান বিপিন ৰাৱাটে তেওঁৰ তিনিবছৰীয়া কাৰ্যকালৰ অন্তত চলিত মাহত শেষত অৱসৰ গ্ৰহণ কৰিব।

লেফটেনেন্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱনে যোৱা ছেপ্টেম্বৰ মাহত সেনাৰ উপ মুখ্য সেনাধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ চীনৰ সৈতে ভাৰতৰ প্ৰায় ৪,০০০ কিলোমিটাৰ জোৰা সীমান্তৰ চোৱাচিতাৰ দায়িত্বত থকা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডক নেতৃত্ব দিছিল।

নেশ্যনেল ডিফেন্স একাডেমীৰ তথা ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থী নাৰাৱনে ১৯৮০ চনৰ জুনত শিখ লাইট ইনফেন্ট্ৰি ৰেজিমেন্টৰ সপ্তম বেটেলিয়নত নিযুক্ত হৈছিল।

তেওঁৰ চাৰি দশক জোৰা কেৰিয়াৰত লেফটেনেন্ট জেনেৰেল নাৰাৱনে উত্তৰ-পূৰ্বাঞ্চল তথা জম্মু আৰু কাশ্মীৰতো সেৱা আগবঢ়াই আহিছে।

তেওঁ শ্ৰীলংকাত অপাৰেশ্যন “পৱন’ৰ সময়ত ভাৰতীয় শান্তি বাহিনীৰো অংশ আছিল। তেওঁ লগতে ম্যানমাৰত ভাৰতীয় উচ্চায়োগতো সেৱা আগবঢ়াইছিল।

লেফটেনেন্ট জেনেৰেল নাৰাৱনে জম্মু আৰু কাশ্মীৰত তেওঁ বেটেলিয়নৰ কমাণ্ডৰ বাবে “সেনা পদক’,নাগালেণ্ডত আছাম ৰাইফলছৰ (উত্তৰ) মহা পৰিদৰ্শক হিচাপে আগবঢ়োৱা সেৱাৰ বাবে “বিশিষ্ট সেৱা পদক’ আৰু এক সন্মানীয় অভিযানকাৰী বাহিনীৰ কমাণ্ড চম্ভালাৰ বাবে “অতি বিশিষ্ট সেৱা পদক’ৰে সন্মানিত হৈছিল।

তেওঁ লগতে সেনা প্ৰশিক্ষণৰ দায়িত্বত থাকি বিষয়া হিচাপে আগবঢ়োৱা সেৱাৰ বাবে “পৰম বিশিষ্ট সেৱা পদক’ৰেও সন্মানিত হৈছিল।

সেনাধ্যক্ষ ৰাৱাটৰ উত্তৰসূৰী হিচাপে নাৰাৱনে আছিল অন্যতম পছন্দ। এইক্ষেত্ৰত তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী আছিল নৰ্দাৰ্ণ আৰ্মিৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল ৰণবীৰ সিং।

সিঙ ২০১৬ চনৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত চলোৱা সামৰিক অভিযান ‘চাৰ্জিকেল ষ্ট্ৰাইক’ৰ সময়ছোৱাত সঞ্চালক প্ৰধান আছিল।

লেফটেনেন্ট জেনেৰেল নাৰাৱানেৰ নেতৃত্বত ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোটবোৰক উৎখাত কৰাৰ বাবে যৌথ অভিযান চলাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd