NORTHEAST NOW (Assamese)
অসম

অসম আন্দোলনৰ নেতা নিবাৰণ বৰাৰ দ্বাদশ মৃত্যুবাৰ্ষিকী উপলক্ষে আলোচনা চক্ৰ

Posted by: কল্পজ্যোতি শইকীয়া January 6, 2018 5:59 pm

অসম আন্দোলনৰ এজন নেতা নিবাৰণ বৰাৰ আজি দ্বাদশ মৃত্যু বাৰ্ষিকী উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত নিবাৰণ বৰা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে আলোচনা চক্ৰৰ আয়োজন কৰা হয়। অসম আন্দোলনৰ লগত ওতপ্ৰোতভাবে নিজকে জড়িত কৰি  ঘৰ-দুৱাৰ পৰ্যন্ত এৰি বহিৰাগতৰ বিৰুদ্ধে যুঁজ দিয়া এই নেতাজনক আজি উপস্থিত সকলে শ্ৰদ্ধাৰে সুঁৱৰে। কাৰ্য্যসূচীৰ আৰম্ভণিতে নেতাজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পাছতে নিবাৰণ বৰাৰ জীৱন তথা কৰ্মৰাজিৰ পৰ্য্যালোচনা কৰি এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। প্ৰাক্তন অধিবক্তা সত্যেন্দ্ৰ নাথ গোস্বামীৰ  সভাপতিত্বত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত নিবাৰণ বৰাৰ দ্বিতীয় পুত্ৰ ভাস্কৰ কিৰণ বৰা, দন্ত চিকিৎসক ডাঃ বীৰেন ভূঞা, ৰমেন্দ্ৰ নাৰায়ণ গোহাঁই আৰু কাজী নেকিবুল আহমেদকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

‘নিবাৰণ বৰাৰ চিন্তা আৰু অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি’ এই বিষয়টোৰ ওপৰত হোৱা আলোচনা চক্ৰত প্ৰথমে নিবাৰণ বৰাৰ পুত্ৰ ভাস্কৰ কিৰণ বৰাই বক্তৃতা প্ৰদান কৰি কয় যে বৰ্তমান অসমৰ বিভিন্ন সমস্যাৰ হকে মাত মাতি থকা বহুতো বুদ্ধিজীৱীয়ে অসম আন্দোলনৰ বিৰোধিতা কৰিছিল। প্ৰসংগক্ৰমে তেওঁ কয় যে শৰাইঘাটৰ যুদ্ধত অতন বুঢ়াগোহাঁই যিদৰে মূল চালিকা শক্তি আছিল ঠিক তেনেকৈ তেখেতৰ পিতৃ অৰ্থাৎ নিবাৰণ বৰা অসম আন্দোলনৰ মূল চালিকা শক্তি আছিল।  তাৰোপৰি কিছু সংখ্যক বুদ্ধিজীৱীয়ে অসম আন্দোলন উঠাই লোৱাটো মনে প্ৰাণে কামনা কৰিছিল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। আনহাতে দেশ এখন চলিবলৈ হ’লে আইন মানি চলিব লাগিব, কাৰণ আইন হৈছে দেশ এখনৰ ৰক্ষাকবচ বুলি তেওঁ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। পিতৃৰ মৃত্যু বাৰ্ষিকীৰ দিনা তেওঁ অসমৰ এখনো বাতৰি কাকতে কোনো লেখা প্ৰকাশ নকৰাৰ বাবে দুখ প্ৰকাশ কৰা দেখিবলৈ পোৱা গ’ল। অৱশ্যে তেওঁৰ পিতৃ নিবাৰণ বৰাৰ মৃত্যুৰ সময়ত বিশিষ্ট বুদ্ধিজীবী হীৰেন গোহাঁই আৰু সাহিত্যিক অনিল বৰাই বাতৰি কাকতত লেখা প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি তেওঁ অসম আন্দোলন কৰা বহুতো নেতা বৰ্তমান কোনো কোনো ৰাজনৈতিক দলৰ হৰ্তা-কৰ্তা হৈ পৰা বুলিও অভিযোগ উত্থাপন কৰে।

অসম আন্দোলনত চৰকাৰৰ বিৰুদ্ধে অকলেই দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ কৰা এই বিশিষ্ট নেতাজনৰ মৃত্যু তিথিত উপস্থিত থাকি তিলক মহনে নেতাজনক কৰ্ম দক্ষতা সম্পৰ্কে কিছু মন্তব্য আগবঢ়ায়। তদুপৰি অসম বাসীয়ে মনত নৰখা এই নেতাজনৰ স্মৃতি সজীৱ কৰি তোলাৰ বাবে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব বুলি বক্তাজনে উক্ত আলোচনা চক্ৰত ব্যক্ত কৰে। তাৰোপৰি বৰ্তমান অসমৰ মুখ্য মন্ত্ৰীৰ সন্দৰ্ভত তেওঁ কয় যে সৰ্বানন্দ সোণোৱালৰ যোগ্য পৰামৰ্শ দাতাৰ অভাব হৈছে সেয়েহে তেওঁ সঠিকভাবে তেখেতৰ কৰ্তব্য পালন কৰিব পৰা নাই। ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক খন আইনত পৰিণত কৰিলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ভূমিকা বদন বৰফুকনৰ দৰেই হ’ব বুলি কটাক্ষ কৰে। আনহাতে তেখেতে নিবাৰণ বৰাক বহল ব্যক্তিত্ব তথা চিন্তাধাৰাৰ অধিকাৰী বুলি কৈ কয় যে নিবাৰণ বৰাৰ কৰ্মৰাজিয়ে সাধাৰণ মানুহৰ অন্তৰ কঁপাই তুলিছিল বুলি তেখেতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

নিজকে নিবাৰণ বৰাৰ আদৰ্শৰে পৰিচালিত কৰিব বিচৰা ৰমেন্দ্ৰ নাৰায়ণ বুঢ়াগোহাঁয়ে এই আলোচনা চক্ৰত ভাগ লৈ সংগ্ৰামী নেতাজনৰ জীৱন প্ৰণালীৰ বিষয়ে বহুতো কথা ব্যক্ত কৰে। কথা প্ৰসংগত তেওঁ ৰসিকতা কৰি কয় যে তেওঁ নিবাৰণ বৰাৰ চলন, ফুৰণ, জীৱন প্ৰণালী সকলোবোৰ আঁৰে আঁৰে নিৰীক্ষণ কৰি গৈছিল। বক্তৃতাৰ মাজতে তেওঁ নিজকে এজন বিদ্ৰোহী নেতাৰ সৈতে তুলনা কৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰি তেওঁ ভাৰতীয় গণতন্ত্ৰই উত্তৰ পূৰ্বাঞ্চলক কেতিয়াও সুৰক্ষা দিব নোৱাৰে বুলি এক তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। ‘যি জাতিয়ে প্ৰতিবাদ কৰিব নোৱাৰে সেই জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে’ বুলি এক গুৰুত্বপূৰ্ণ মন্তব্যৰে তেওঁৰ বক্তৃতা সামৰণি মাৰে।

আলোচনা চক্ৰত উপস্থিত থকা দন্ত চিকিৎসক বীৰেন ভূঞাই তেখেতৰ লগত নিবাৰণ বৰাৰ যি সম্পৰ্ক তথা কেনেদৰে দুয়ো লগ হৈছিল সেই বিষয়ে কিছু কথা ডাঙি ধৰে। তদুপৰি নিবাৰণ বৰাক দাঁতৰ চিকিৎসা কৰিবলৈ আহোতে তেওঁৰ সৈতে হোৱা ৰসিকতা মুহূৰ্তৰ কথাও উক্ত আলোচনা চক্ৰত ব্যক্ত কৰে।

ইফালে উক্ত আলোচনা চক্ৰত উপস্থিত থকা প্ৰাক্তন অধিবক্তা কাজী নেকিবুল আহমেদে অতি ক্ষোভেৰে ব্যক্ত কৰে যে ‘অসমত যিমানে নতুন নতুন দল-সংগঠনৰ জন্ম হ’ব সিমানে অসমীয়া জাতি দুৰ্বল হ’ব।‘ ইয়াৰ উপৰি তেওঁ প্ৰফুল্ল মহন্তক গুপ্ত হত্যাৰ মূল নায়ক বুলি অভিযোগ তুলে আৰু তেওঁ এল কে আদাৱনিৰ সৈতে গুপ্ত হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল বুলি এই আলোচনা চক্ৰত উল্লেখ কৰে। শেষত তেওঁ ‘শংকৰ-আজানৰ দেশ’ কথাষাৰ ভুল বুলি কৈ ‘শংকৰ-আজান-চুকাফাৰ দেশ’ কথাষাৰ হে প্ৰকৃততে শুদ্ধ  বুলি উল্লেখ কৰে।