NORTHEAST NOW (Assamese)
অসম

আজি খানাপাৰাৰ বুথ সভাপতি সন্মিলনত অংশ গ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে

Posted by: কল্পজ্যোতি শইকীয়া March 24, 2018 10:34 am
index

আজি দিনৰ ১১ বজাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বুথ সভাপতি সন্মিলনত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

ইতিমধ্যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰিবলৈ ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দ সাজু হৈছে।

আজিৰ সভাত অসমৰ বিজেপিৰ সকলো সাংসদ-বিধায়ক, ৩০৩ গৰাকী মণ্ডল সভাপতিৰ লগতে ২৫,৮৪৯ গৰাকী বুথ সভাপতি উপস্থিত থাকিব।

দিনৰ ১১ বজাত বুথ সভাপতিসকলৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত বিয়লি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে মন্ত্ৰী আৰু বিধায়কসকলৰ লগত আলোচনাত মিলিত হ’ব।

বিয়লি ৫ বজাত সভাপতিগৰাকীয়ে গড়কপ্তানি বিভাগৰ অতিথিশালাত দলৰ ক’ৰ কমিটিৰ বৈঠকত অংশ ল’ব।

তদুপৰি, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইয়াৰ মাজতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (আৰ এছ এছ)ৰ বিষয়ববীয়াসকলৰ সৈতেও এক আলোচনাত মিলিত হ’ব।

বিজেপিৰ এক সূত্ৰই দাবী কৰা মতে অসমৰ ইতিহাসত আজিৰ এই সন্মিলনখনেই হ’ব সাংগঠনিক পৰ্যায়ৰ আটাইতকৈ ডাঙৰ সভা।

জানিব পৰা মতে ত্ৰিপুৰাত সফল হোৱাৰ পিছত অসমৰ পঞ্চায়ত নিৰ্বাচনত ‘ত্ৰিপুৰা মডেল’ অনুসৰণ কৰি নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে বিজেপিয়ে।

আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিয়ে ইতিমধ্যে পৃষ্ঠা প্ৰমুখসকলক নিযুক্তি দিছে।

আজি  সৰ্বমুঠ ৩,৩,০০০গৰাকী পৃষ্ঠা প্ৰমুখৰ প্ৰত্যেককে ৬০গৰাকী ভোটাৰৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ’ব।

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ আগে আগে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনক অতি গুৰুত্ব সহকৰে গ্ৰহণ কৰিছে বিজেপিয়ে।