NORTHEAST NOW (Assamese)
উত্তৰ-পূব

উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া স্বাৰ্থৰ হকে কাম কৰিব নেশ্যনেল পিপ্‌ল’ছ পাৰ্টিয়ে

Posted by: এন ই নাও নিউজ May 9, 2018 8:27 pm
NPP committed to work on shared objective for Northeast

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই বুধবাৰে প্ৰকাশ কৰিছে যে নেশ্যনেল পিপ্‌ল’ছ পাৰ্টিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সমূহীয়া স্বাৰ্থজড়িত বিষয়সমূহত একেলগে কাম কৰিব। তেওঁ কয় যে নেশ্যনেল পিপ্‌ল’ছ পাৰ্টিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ বাসিন্দাকে বিকাশৰ সমূহীয়া লক্ষ্যত একেলগে আগবাঢ়ি যোৱাৰ আশ্বাস প্ৰদান কৰিব বিচাৰে।

শ্বিলঙৰ ছোছো থাম প্ৰেক্ষাগৃহত এন পি পিৰ মেঘালয় ৰাজ্যিক গোটৰ দ্বাৰা দ্বাৰা আয়োজিত এখন সম্বৰ্ধনা অনুষ্ঠানত দলটোৰ মুৰব্বী তথা মেঘালয়ৰ  মুখ্য মন্ত্ৰী কনৰাড চাংমাই এইদৰে কয়।

চাংমাই কয় যে সমুখত প্ৰত্যাহ্বান থকা সত্ত্বেও এখন উন্নত সমাজ গঢ়াৰ বাবে মানুহৰ মাজত থকা উচ্চাকাংখ্যাক সাকাৰ ৰূপ দিয়াৰ বাবে এন পি পি আৰু দলটোৰ কৰ্মকৰ্তাসকলে কাম কৰিব যাব।

তেওঁ কয় যে অন পি পিয়ে মিজোৰামৰ বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ লগতে ২০১৯ৰ লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উপস্থিত লোকসকলক মুখ্য মন্ত্ৰী চাংমাই প্ৰয়াত পুৰ্ণ আগিতো চাংমাৰ আদৰ্শ আৰু দৰ্শনৰ বিষয়ে মনত পেলাই দি তেওঁ কয় যে প্ৰয়াত পুৰ্ণ চাংমাই এন পি পি দলৰ বীজ ৰোপন কৰিছিল আৰু ভেটিও তেৱেঁই প্ৰতিষ্ঠা কৰিছিল আৰু  সাধাৰণ মানুহৰ বিশেষকৈ দেশখনৰ খিলঞ্জীয়া আৰু সংখ্যালঘূ বাসিন্দাৰ সমূহীয়া কল্যাণ আৰু আশংকা  আৰু উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ সমাধান কৰাৰ তেওঁৰ সেই আদৰ্শ আৰু লক্ষ্যক এন পি পিয়ে আগুৱাই লৈ যাব।

তেওঁ আৰু কয় যে মেঘালয়, মণিপুৰ আৰু নাগালেণ্ডত এন পি পি দলে স্বীকৃতি লাভ কৰিছে আৰু ২০১৮ৰ বিধানসভা নিৰ্বাচনত এন পি পিয়ে ৭ শতাংশ ভোটৰ অংশ লাভ কৰাৰ লগতে ২গৰাকী বিধায়ক নিৰ্বাচিত হৈছিল।

সম্বৰ্ধনা অনুষ্ঠানত মেঘালয় ৰাজ্যিক গোটে ১০ম মেঘালয় বিধানসভাৰ ২০ গৰাকী বিধায়ক আৰু নাগালেণ্ডৰ বিধায়ক আৰু মণিপুৰৰ উপ মুখ্য মন্ত্ৰী য়ুমনাম জয়কুমাৰ সিং, স্বাস্থ্য মন্ত্ৰী এল জয়ন্ত কুমাৰ, ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী লেটপাও হাওকিপ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী এন কায়িশ্বিক সম্বৰ্ধনা জনায়।

মেঘালয় ৰাজ্যিক গোটৰ সভাপতি ড০ ডব্লিউ আৰ খাৰলুকিকো মুখ্য মন্ত্ৰী চাংমাই সম্বৰ্ধনা জনায়।

মণিপুৰৰ উপ মুখ্য মন্ত্ৰী য়ুমনাম জয়কুমাৰ সিঙে কয় যে এন পি পিয়ে উত্তৰ পূৰ্বাঞ্চলত নিকা, স্পষ্ট প্ৰশাসন আৰু সু-শাসন নিশ্চিত কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।