NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত শোকাৱহ পথ দুৰ্ঘটনা; এজন লোক নিহত, গুৰুতৰভাৱে আহত তিনিজন

Posted by: ৰিদিপ শৰ্মা June 26, 2018 10:07 am
3a75665b-1070-4a2c-aa1f-fb9c3c16747f

আজি ৰাতিপুৱাই কলিয়াবৰৰ বৰুৱাচুকৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। পুৱা প্ৰায় ৫ মান বজাত ওৰাঙৰ পৰা তীব্ৰ বেগত গোলাঘাটলৈ বুলি অহা এখন তৰমুজ ভৰ্তি টাটা এ চি গাড়ী ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত থিতাতে নিহয় হয় এজন লোক।

দুৰ্ঘটনাটোত কৰুণভাৱে মৃত্যুক আকোৱালি লোৱা জাবেদ আলী নামৰ লোকজনৰ ঘৰ ওদালগুৰি জিলাৰ ২ নম্বৰ কছাৰী টোপৰ বুলি জানিব পৰা গৈছে। আনহাতে এই দুৰ্ঘটনাটোত গাড়ীখনত থকা আন তিনিজন লোকো বেয়াকৈ আঘাতগ্ৰস্ত হয়।

আহত লোক কেইজনক তৎকালে জখলাবন্ধা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। আঘাতপ্ৰাপ্ত হাবেজ আলি ঘৰ ওদালগুৰিৰ চুবড়া চুবুৰীত, গোলাঘাট জিলাৰ ২ নম্বৰ নেঘেৰিবিলৰ মজিবুৰ ৰহমান, ওদালগুৰিৰ শিলবাৰীৰ মতিবোৰ ৰহমান বুলি জানিব পৰা গৈছে।

ওৰাঙৰ পৰা গোলাঘাটৰ মেৰাপানীলৈ তৰমুজ কঢ়িয়াই নিয়া  AS 12 AC 9490 নম্বৰৰ টাটা এচি বাহনখনে অত্যাধিক গতিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।