NORTHEAST NOW (Assamese)
অসম

কেঞ্চাৰৰ সজাগতাৰ লক্ষ্যৰে অসম বাইকাৰ্ছ দলৰ অভিযান

Posted by: এন ই নাও নিউজ December 24, 2017 1:37 pm

অসম বাইকাৰ্ছ দলে অসমৰ অশিক্ষিত লোক সকলৰ মাজত কেঞ্চাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এক অনুষ্ঠানৰ আয়োজন কৰিছে। অসম বাইকাৰ্ছ দলে কেঞ্চাৰ ৰোগী সকলক শাৰিৰীক, মানসিক তথা অৰ্থনৈতিক ভাবে বিভিন্ন সময়ত সহায় কৰি আহিছে। নলবাৰী জিলাৰ কৰিয়া গাওঁৰ নিবাসী চন্দন(১৩) আজি কিছুদিন ধৰি ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আৰ্থিক অভাবৰ বাবে চন্দনৰ চিকিৎসা থমকি ৰ’ব লগীয়া হৈছিল যদিও এই সংস্থাটোৱে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা চন্দনৰ পৰিয়ালক ২১ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। ইয়াৰ ফলত  পৰিয়ালৰ লোকে কিছু সকাহ পোৱাৰ উপৰি চন্দন লাহে লাহে সুস্থ হ’বলৈ ধৰিছে।

বৰ্তমান অসম বাইকাৰ্ছ দলত ৫০০ৰো অধিক সদস্য আছে আৰু এইটোৱে অসমৰ আটাইতকৈ ডাঙৰ বাইক আৰোহী সংস্থা। এই সংস্থাটোৱে লোৱা পদক্ষেপক সকলোৱে শলাগ জনাইছে।