NORTHEAST NOW (Assamese)
অসম

খচৰা নাগা শান্তি চুক্তি সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক লৈ ডিমা-হাচাওত প্ৰতিক্ৰিয়া

Posted by: পংকজ কুমাৰ দেব January 20, 2018 8:05 pm
খচৰা নাগা শান্তি চুক্তি সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক লৈ ডিমা-হাচাওত প্ৰতিক্ৰিয়া

নাগা-ভাৰত চৰকাৰ খচৰা চুক্তি ফাদিল হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত অসমৰ একমাত্ৰ পাহাৰীয়া জিলা ডিমা-হাচাও বৃহত্তৰ নাগালিমত পৰোক্ষভাৱে অন্তৰ্ভুক্ত হোৱা বুলি বাতৰি ওলোৱাত পাৰ্বত্য জিলা্খনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।

ডিমাচা ছাত্ৰ ইউনিয়নৰ সভাপতি চিদুত নাইডিঙে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি এন ই নাওক কয় যে ‘ডিমা হাচাও জিলা নগা অধ্যুষিত এলেকা হিচাপে যদি নাগালিমত অন্তৰ্ভুক্ত হৈছে তেতিয়াহ’লে অসমৰ আন আন জিলা কিয় বাদ পৰিল? ডিমা হাচাও জিলাক কিয় বাচি লোৱা হ’ল? চৰকাৰে ডিমা হাচাও জিলাৰ নাগালিমত অন্তৰ্ভুক্তিক লৈ স্পষ্টীকৰণ দিব লাগিব।’

চৰকাৰক সকীয়াই নাইডুঙে কয় যে উপৰোক্ত খচৰা যদি সঁচা হয়, তেতিয়াহ’লে পাহাৰৰ বিভিন্ন দল-সংগঠন বহি নাথাকে।

একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চুক্তিখনত মণিপুৰৰ সাতখন জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ দুখন আৰু অসমৰ একমাত্ৰ ডিমা হাচাও নগা অধ্যুষিত জিলা হিচাপে উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা প্ৰায় ২০ বছৰ ধৰি নাগা শান্তি আলোচনাৰ কোনো চূড়ান্ত মীমাংসা হোৱা নাই। এই লৈ নাগা বিভিন্ন সংগঠনে নাগালেণ্ডৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই নাগা চুক্তি চূড়ান্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে।