NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ হাজি মুছাফিৰখানাত হজ যাত্ৰীসকলৰ বাবে কৰ্মশালা

Posted by: এন ই নাও নিউজ June 26, 2018 5:45 pm
গুৱাহাটীৰ হাজি মুছাফিৰখানাত হজ যাত্ৰীসকলৰ বাবে কৰ্মশালা

হজৰ নিয়ম-নীতি সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে অসম যুটীয়া হজ সমিতিয়ে যাত্ৰীসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছে।

কামৰূপ (মহানগৰ), কামৰূপ, মেঘালয় আৰু নাগালেণ্ডৰ হজ যাত্ৰীসকলৰ বাবে অহা ২৭ আৰু ২৮ জুনত গুৱাহাটীৰ হাজি মুছাফিৰখানাত এই কৰ্মশালা অনুষ্ঠিত হ’ব।

হজৰ নিয়ম আৰু তালৈ নিব পৰা লাম-লাকটু সম্পৰ্কে যাত্ৰীসকলক কৰ্মশালাত জনোৱা হ’ব।

পুৱা ৯.৩০ বজাত আৰম্ভ হ’ব লগা কৰ্মশালাখনত ভাগ লোৱাৰ বাবে যাত্ৰীসকলক আহ্বান জনোৱা হৈছে।