NORTHEAST NOW (Assamese)
অসম

জখলাবন্ধা-কুঁৱৰীটোল সংযোগী গড়কাপ্তানী পথ মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ পথ অৱৰোধ

Posted by: ৰিদিপ শর্মা July 15, 2018 5:38 pm
Screenshot_20180715_161910

২০১৬ চনৰ ২৬ ফেব্ৰুৱাৰীত কলিয়াবৰ বিধায়ক ৰূপে ৰাইজে নিৰ্বাচিত কৰা বৰ্তমানৰ অসম চৰকাৰৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই ৮ কোটি ৮৫ লাখ টকাৰ বৃহৎ ধনৰাশিৰে জখলাবন্ধা, সোনাৰি গাঁও, কামাখ্যা গাওঁ, শিলঘাট হৈ কুঁৱৰীটোল সংযোগী গড়কাপ্তানী পথটোৰ পকী কৰণৰ উদ্দেশ্যে আধাৰশিলা স্থাপন কৰিছিল যদিও আজিকোপতি উক্ত পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত আজি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে কলিয়াবৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ লোকে।

পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত যমৰ যাতনা ভূগি অহা স্থানীয়লোকে আজি পথটোৰ নিৰ্মাণৰ দাবীত  সোনাৰি গাঁৱৰ ৰাইজ ,কামাখ্যা গাঁৱৰ ৰাইজ আৰু অট চালক সকলে জখলাবন্ধা শিলঘাট সংযোগী পথৰ সোনাৰি গাঁৱত একগোট হৈ এক পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত কাৰ্যসূচীৰ বিষয়ে শিলঘাট আউট পোষ্ট আৰু কলিয়াবৰ আৰক্ষী অৱগত হোৱাত কলিয়াবৰৰ চক্ৰ বিষয়াৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। লগে লগে ৰাইজে চক্ৰ বিষয়া গৰাকীক কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে কলিয়াবৰৰ বিভিন্ন অঞ্চলত ৰাস্তা ঘাট নিৰ্মাণ কৰি ৰাইজক  চমক দেখুওৱা কেশৱ মহন্তই নিজ গৃহৰ ওচৰতে থকা এই পথটোৰ আধাৰশিলা স্থাপন কৰাৰ তিনিটা বৰ্ষ পাৰ হৈ যোৱাৰ পাছতো কিয় নীৰৱ ভূমিকা অৱলম্বন কৰি আছে সেয়া সন্দেহজনক বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

Screenshot_20180715_162138
পথটোৰ মেৰমতিৰ দাবীত স্থানীয় ৰাইজে কলিয়াবৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰা সময়ৰ দৃশ্য

 

এই পথটো সন্দৰ্ভত ৰাইজে বহুবাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী মহন্ত আৰু বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰোপৰি বৰ্তমান অসমৰ এক মাত্ৰ শিলঘাট মৰাপাট কল, ঐতিহাসিক কামাখ্যা মন্দিৰ, ত্ৰিশূল ধাৰি মন্দিৰলৈ যোৱা এই পথটো যেন এতিয়া পথ নহয় পুখুৰীহে। পথ বুলিবলৈ নাই কেৱল ৰাস্তাৰ মাজত বৃহৎ বৃহৎ গাত।

এই পথ চোৱাৰ বাবে এতিয়া বিভিন্ন সময়তে দুৰ্ঘটনা সংঘটিত হয়। ৰোগীৰ বাবেও সমুচিন নহয় পথটো। নিশা হ’লে উক্ত পথচোৱাৰে প্ৰৱেশ নকৰে ১০৮ মৃত্যুঞ্জয় সেৱা। এই অভিযোগ স্থানীয় ৰাইজৰ।

এই সকলোবোৰ সমস্যাৰ প্ৰতি আওকান নকৰি পথটো নিৰ্মাণৰ বাবে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।