NORTHEAST NOW (Assamese)
অসম

টংলাত ৪ৰ্থ সংখ্যক সদৌ অসম নন ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট

Posted by: ছাজিদ খান December 18, 2017 6:51 pm
টংলাত ৪ৰ্থ সংখ্যক সদৌ অসম নন ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট

ওদালগুৰিৰ জিলাৰ টংলাৰ ছামুপাৰাৰ এল পি স্কুলৰ প্ৰাংগণত টংলা বড়োলেণ্ড চহিদ সোঁৱৰণী বেডমিণ্টন কমিটিৰ উদ্যোগত আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ টংলা আঞ্চলিকৰ সহযোগত যোৱা দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম নন ৰেংকিং বেডমিণ্টন ২০১৭ ছিজন ৪ (মেনছ ডাবল) অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ ক্ৰীড়া বিষয়া ভূপেন ৰাভাই উদ্বোধন কৰা বেডমিণ্টন টুৰ্ণামেণ্টখনত ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা খেলুৱৈয়ে অংশ গ্ৰহণ কৰা দেখা যায়। আজি সামৰণি পৰা টুৰ্ণামেণ্টখনত কোকৰাঝাৰৰ মাধৱ দৈমাৰি আৰু বিজয় ব্ৰহ্মৰ যুতিয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ বিপৰীতে ৰূপম মালিক আৰু দীপক শৰ্মাৰ যুতিটোৱে ৰানাৰ্চ আপত সন্তুষ্ট থাকিব লগীয়া হয়। উল্লেখযোগা যে চেম্পিয়ন তথা ৰানাৰ্চ আপ দল দুটাক ক্ৰমে ২০০০০ আৰু ১০০০০ টকাৰ প্ৰাইজমণিৰ লগতে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।