NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত কিশোৰীক ব্লেকমেইলিং কৰা যুৱকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ April 23, 2018 11:25 am
cyber-crime-02-570x320

এগৰাকী কিশোৰীক ব্লেকমেইলিং কৰাৰ অভিযোগত এজন যুৱকক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আদিত্য সিং নামৰ ২২ বছৰীয়া যুৱকজনক দেওবাৰে নিশা আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ জিএনবি পথত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে সিঙে ঘটনাৰ বলি কিশোৰীগৰাকীৰ সৈতে ফেচবুকৰ জৰিয়তে বন্ধুত্ব গঢ়িছিল আৰু অভিযোগ অনুসৰি তাইৰ ফটো বিকৃত কৰি ব্লেকমেইলিং কৰিছিল।

‘’ ঘটনাৰ বলি হোৱা কিশোৰীগৰাকীৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানৰ পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰে,’’-তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই কয়।

‘’ অভিযুক্তই ঘটনাৰ বলি কিশোৰীগৰাকীলৈ তাইৰ মোবাইলত কিছুমান অশ্লীল ফটো পঠিয়াই তাইক আত্মসমৰ্পন কৰিবলৈ চেষ্টা চলাই শৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল,’’ আৰক্ষী অধীক্ষক মহন্তই জনায়।

আৰক্ষীয়ে তথ্য আৰু প্ৰযুক্তি আইনৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ ২৯২, ৫০৬ আৰু ৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

‘’ আমি কেইটামান সামগ্ৰী জব্দ কৰিছো যদিও তদন্তৰ খাতিৰত সেইবোৰ প্ৰকাশ কৰিব নোৱাৰো,’’-এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয়।

‘’ দাখিল কৰা অভিযোগ পত্ৰত ভাতৃগৰাকীয়ে অভিযোগ কৰে যে অভিযুক্তই তেওঁৰ ভনীয়েকক আন কাৰোবাক ভাল পাব দিব নোৱাৰে বুলি ভাবুকি প্ৰদান কৰিছিল। সি ভাবুকি দিছিল যে তাই যদি তাৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেতিয়াহ’লে সি তাইৰ অশ্লীল ফটোসমূহ প্ৰকাশ কৰি তাইৰ পৰিয়ালৰ ভাবমূৰ্তি তথা সন্মান বিনষ্ট কৰিব,’’-বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।