NORTHEAST NOW (Assamese)
অসম

তেজপুৰত পদপথৰ ব্যৱসায়ীক উচ্ছেদ কৰিলে পৌৰ প্ৰশাসনে

Posted by: প্ৰণৱ কুমাৰ দাস June 2, 2018 8:02 pm
তেজপুৰত পদপথৰ ব্যৱসায়ীক উচ্ছেদ কৰিলে পৌৰ প্ৰশাসনে

তেজপুৰ পৌৰ নিগমে আজি তেজপুৰ চহৰৰ মূল পথক সংযোগ কৰা মহাভৈৰৱ মাৰ্কেটৰ পদপথত থকা প্ৰায় ৫৫ খন অবৈধ দোকানত উচ্ছেদ অভিযান চলায়। আজি তিনিদিন ধৰি তেজপুৰ পৌৰ নিগমে এক অভিযান চলাই প্ৰায় ১৫০ খন অবৈধ দোকান উচ্ছেদ কৰে।

উল্লেখযোগ্য যে পৌৰ নিগমে উচ্ছেদ কৰা এই দোকান সমূহ তেজপুৰ চহৰৰ মূল প্ৰৱেশ পথতে স্থাপন কৰাৰ ফলত যান-জঁটৰ সমস্যাৰ সৃষ্টি কৰিছিল।

দোকান সমূহৰ স্বত্বাধিকাৰ সমূহে ধানুৱা নগৰৰ পৰা তেজপুৰৰ চক বজাৰলৈকে পদপথ বেদখল কৰি অবৈধভাৱে দোকান সমূহ নিৰ্মাণ কৰাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইত অবৈধভাৱে দোকান নিৰ্মাণ কৰিছে।

ফলত শোণিতপুৰ জিলা প্ৰশাসন আৰু পৌৰ নিগমৰ কৰ্তৃপক্ষই যুটীয়াভাৱে আজি অভিযান চলাই জে চি বিৰে সকলো অবৈধভাৱে নিৰ্মাণ কৰা দোকান উচ্ছেদ কৰে।

উচ্ছেদ অভিযানটোৰ নেতৃত্ব বহন কৰা তেজপুৰ সদৰ চক্ৰ বিষয়া পংকজ শৰ্মা আৰু অতিৰিক্ত দণ্ডাধীশ প্ৰাবিৰ দত্তই কয় যে শেহতীয়া দুটা দিনত প্ৰায় ১৫০ খন অবৈধ দোকান উচ্ছেদ কৰা হয়। লগতে তেওঁলোকে কয় যে জিলা কৰ্তৃপক্ষই এই অবৈধ দোকান সমূহেই মূল প্ৰৱেশ পথত যান-জঁটৰ সমস্যাৰ সৃষ্টি কৰি অহাটো লক্ষ্য কৰি আহিছে।