NORTHEAST NOW (Assamese)
অসম

দক্ষিণ আফ্ৰিকাৰ ব্ৰীকছ যুৱ শীৰ্ষ সন্মিলনলৈ নিৰ্বাচিত অসমৰ যুৱতী

Posted by: স্মিতা ভট্টাটাৰ্য July 14, 2018 12:31 pm
44444

অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী  অৰ্চনা গোস্বামী দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ব্ৰীকছ যুৱ শীৰ্ষ সন্মিলনলৈ নিৰ্বাচিত হৈছে।

ট্ৰেইনত এজন ছিৰিয়েল কীলাৰৰ হাতত ভয়ংকৰ মৃত্যু বৰণ কৰা ৰাধা কুমাৰীৰ সহপাঠী অৰ্চনাই আজিৰে পৰা ১৮ জুলাইলৈকে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া ব্ৰীকছ যুৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তেজপুৰ নিবাসী অৰ্চিতাই যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰিব। তেওঁৰ সৈতে ভাৰতীয় যুৱ সঁজাতীদলটো নতুন দিল্লীৰ পৰা কালি নিশা ৮-০০বজাত দক্ষিণ আফ্ৰিকা অভিমুখে ৰাওনা হৈছে।

চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ পেৰেড শিবিৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ পৰা অংশগ্ৰহণ কৰা সৰ্বোৎকৃষ্ট অংশগ্ৰহণকাৰীসলৰ মাজৰ পৰা অৰ্চনাক শ্বৰ্টলিষ্টেড কৰা হৈছিল। তেওঁ গণতন্ত্ৰ দিৱসৰ দিনা ৰাজপথৰ মাৰ্চ-পাষ্টত অংশগ্ৰহণ কৰিছিল।

ব্ৰীকছ শীৰ্ষ সন্মিলনত ভাৰতৰ পৰা অংশগ্ৰহণ কৰা যুৱ দলটোত ১৩গৰাকী প্ৰতিনিধি আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ দুগৰাকী বিষয়ববীয়া আছে।

অৰ্চিতা হৈছে এগৰাকী বিশিষ্ট সত্ৰীয়া নৃত্য-শিল্পী আৰু সাংস্কৃতিক কৰ্মী। অৰ্চিতাই এগৰাকী প্ৰতিভাশালী নাট্যশাস্ত্ৰী।

অৰ্চিতাৰ পিতৃ অনীল চন্দ্ৰ গোস্বামী হৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সহকাৰী মহাপ্ৰৱন্ধক আৰু মাতৃ কৃষ্ণালী দেৱী এগৰাকী শিক্ষয়িত্ৰী।