NORTHEAST NOW (Assamese)
উত্তৰ-পূব

দুষ্কৃতিকাৰীৰ দ্বাৰা ত্ৰিপুৰাত সাম্যবাদী নেতা বৈদ্যনাথ মজুমদাৰৰ প্ৰতিমূৰ্তি ধ্বংস

Posted by: পান্না ঘোষ July 27, 2018 5:18 pm
n1

প্ৰৱীণ সাম্যবাদী নেতা তথা ত্ৰিপুৰাৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী বৈদ্যনাথ মজুমদাৰৰ এটা প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছে। প্ৰাক্তন উপ মুখ্য মন্ত্ৰীগৰাকীৰ এই প্ৰতিমূৰ্তিটো ত্ৰিপুৰাৰ উনিকুটি জিলাৰ কৈলাসহৰৰ চান্দিপুৰত স্থাপন কৰা আছিল। এই ঘটনাটোৱে সমগ্ৰ ৰাজ্যখনতে এটা তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে কেইজন মান দুষ্কৃতিকাৰীয়ে আন্ধাৰ আৰু নিৰাপত্তা ৰক্ষীৰ অনুপস্থিতিৰ সুযোগ লৈ বৰ্ষীয়ান সাম্যবাদী নেতা তথা ত্ৰিপুৰাৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিটো সম্পূৰ্ণ ধ্বংস কই পেলায়।

এই ঘটনাৰ পাছত সকলো ৰাজনৈতিক দলেই একেমুখে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে দুষ্কৃতিকাৰীকেইজনৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী তুলিছে।

উল্লেখ্য যে বৈদ্যনাথ মজুমদাৰ কেবল ত্ৰিপুৰাৰ উপ মুখ্য মন্ত্ৰীয়েই নাছিল, সুদীৰ্ঘ ১০ বছৰ ধৰি তেওঁ ৰাজ্যিক চিপিআই-এমৰ সম্পাদকো আছিল। তেওঁ চিপিআই-এমৰ কেন্দ্ৰীয় সমিতিৰো সদস্য আছিল।বৈদ্যনাথ মজুমদাৰ আছিল সেই সময়ত ত্ৰিপুৰাত চিপিআই-এমৰ এগৰাকী গুৰিব’ঠা ধৰোঁতা।

প্ৰৱীণ সাম্যবাদী নেতা বৈদ্যনাথ মজুমদাৰৰ ২০১১ চনৰ ৭ জুনত ৮৮ বছৰ বয়সত মৃত্যু হৈছিল।

ইতিমধ্যে বিজেপি নেতা নীতীশে এখন সংবাদমেলত মন্তব্য কৰিছে যে মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই ঘটনাটোৰ অনুসন্ধান কৰাৰ বাবে নিৰ্দেশ জাৰী কৰিছে।