নগাঁও ৰূপহীহাটৰ ১৭ গৰাকী জন্মান্ধ সদস্যৰ এটি পৰিয়াল; মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ আৰ্থিক অনুদান

নগাঁও জিলাৰ ৰূপহীহাট খাটোৱালৰ এটা পৰিয়াল। যিটো পৰিয়ালৰ সোতৰ গৰাকী সদস্যৰ প্ৰতিগৰাকীয়েই অন্ধ। দৃষ্টিশক্তি নথকাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ কোনো এজন সদস্যই কাম কৰিব নোৱাৰাৰ ফলত দৰিদ্ৰতাক আঁকোৱালি ল’বলৈ বাধ্য হৈছে।
উল্লেখযোগ্য যে, এই পৰিয়ালটোৰ সৰুৰ পৰা ডাঙৰলৈকে আটাইকেইজন সদস্যই দৃষ্টিহীন হৈয়েই জন্ম গ্ৰহণ কৰিছে।
ভিক্ষা বৃত্তিয়েই জীৱন নিৰ্বাহৰ এক মাত্ৰ সম্বল হৈ পৰা ৰূপহীহাট খাটোৱালৰ আব্দুল ৱাহিদৰ বৃহৎ পৰিয়ালটোৱে লাভ কৰা নাছিল কোনো চৰকাৰী সুবিধা।
অৱশ্যে দীৰ্ঘদিন ধৰি দাৰিদ্ৰতা আৰু অন্ধত্বৰ দুৰ্বিষহ যন্ত্ৰণা বহন কৰি অহাৰ পিছত জন্মান্ধ পৰিয়ালটোৱে অৱশেষত লাভ কৰিলে চৰকাৰী অনুদান। পৰিয়ালটোৰ বিষয়ে জানিব পাৰি খাটোৱালত মঙলবাৰে উপস্থিত হ’ল সমাজকল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম।
মন্ত্ৰী ব্ৰহ্মই একেটা পৰিয়ালত সোতৰ জনকৈ লোক জন্মান্ধ হোৱাটো বিৰল বুলি উল্লেখ কৰি দুৰ্ভগীয়া পৰিয়ালটোলৈ নগদ ২০ হাজাৰ টকাৰ আৰ্থিক অনুদানৰ লগতে প্ৰতি মাহে গাইপতি এক হাজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰে।
মংগলবাৰে ৰূপহীত উপস্থিত হোৱা মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই পৰিয়ালটোৰ আটাইকেইজন সদস্যই কিয় জন্মান্ধ সেই বিষয়টো লণ্ডনৰ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাব বুলিও কয়।
ইয়াৰ উপৰি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই এই পৰিয়ালটোৰ বিষয়ে ইতিমধ্যে মুখ্য মন্ত্ৰীকো অৱগত কৰা হৈছে বুলি জানিব লৈ দিয়ে।