NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ২০ জুলাইত মৰিগাঁৱত প্ৰতিবাদ

Posted by: এন ই নাও নিউজ July 5, 2018 9:53 am

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মৰিগাঁও জিলাৰ ১২ টাকৈ সংগঠনে অভিযোগ উত্থাপন কৰি কয় যে, ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বহিৰাগতক ৰঙা দলিচা পাৰি কেন্দ্ৰীয় চৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি অসমত থকা খিলঞ্জীয়া মানুহৰ সকলো অধিকাৰ খৰ্ব কৰিবলৈ ওলাইছে।’

মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত মৰিগাওঁ নগৰৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এখন যৌথ সভাত মৰিগাঁও জিলাৰ ১২টাকৈ জাতীয় সংগঠনৰ নেতৃত্বত অনুষ্ঠিত সভাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ তীব্ৰ বিৰোধিতা কৰে।

জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ললিত পাচনিৰ সভাপতিত্বত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক দেৱজিৎ পাটৰে সভাখনৰ আঁত ধৰে।

উল্লেখযোগ্য যে যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত জাতীয় সংগঠন সমূহক লৈ অহা ২০ জুলাইত মৰিগাঁও নগৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ প্ৰস্তাবো গ্ৰহণ কৰা হয়।