NORTHEAST NOW (Assamese)
ক্ৰীড়া

প্ৰথম বাৰৰ বাবে ১৩ ডিচেম্বৰৰ পৰা নাগালেণ্ড অলিম্পিক

Posted by: এন ই নাও নিউজ ব্যুৰো December 10, 2017 11:23 am
প্ৰথম বাৰৰ বাবে ১৩ ডিচেম্বৰৰ পৰা নাগালেণ্ড অলিম্পিক

নাগালেণ্ড ক্ৰীড়া ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপৰ সিদ্ধান্ত। পোন প্ৰথম বাৰৰ বাবে নাগালেণ্ড অলিম্পিক সন্থাই ৰাজ্য চৰকাৰৰ সহযোগত ১৩ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ ডিমাপুৰত আয়োজন কৰিব আন্তঃজিলা ভিত্তিক অলিম্পিক খেলৰ। এই কথা ঘোষণা কৰে নাগালেণ্ড অলিম্পিক সন্থাৰ সভাপতি তথা লোক সভাৰ সাংসদ নেইফিও ৰিঅ’ই। এই খেলত পুৰুষ আৰু মহিলাই দুয়োটা শাখাতে আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন, বক্সিং, ফুটবল, লন টেনিচ, টেবুল টেনিচ, টাইকোৱাণ্ডো, ৰেচলিং, ভলিবল আৰু উশ্বু খেলত খেলুৱৈ সকলে প্ৰতিদ্বণ্ডিতা আগবঢ়াব পাৰিব বুলি আয়োজক সন্থাই জানিবলৈ দিয়ে। আয়োজক সন্থাই প্ৰত্যেক জিলা কমিটি সমূহক খেলুৱৈ বাছনি প্ৰক্ৰিয়া, যাতায়ত ব্যৱস্থা তথা পোচাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰীৰ বাবে অনুদান আগ বঢ়াইছে। প্ৰত্যেক জিলা দল সমূহৰ লগত কন্টিনজেন্ট মেনেজাৰ, ডেপুটি মেনেজাৰ, এজনকৈ মেনেজাৰ আৰু প্ৰশিক্ষক ৰখাৰ বাবে নাগালেণ্ড অলিম্পিক সন্থাই জিলা সমূহক জনাই দিয়া বুলি কয়। আয়োজকৰ ফালৰ পৰা খেলুৱৈ সকলক খোৱা তথা যাতায়তৰ সু-ব্যৱস্থা কৰি দিব বুলি জনায়। জানিব পৰা মতে জিলা কমিটিসমূহে উদ্যোক্তাক শুভউদ্ধোধনী অনুষ্ঠানত নিজৰ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিব লগীয়া ধ্বজা বাহক খেলুৱৈ সমূহৰ নাম, তেওঁলোকৰ সফলতা আদি ইতিমধ্যেই জিলা কমিটি সমূহে প্ৰেৰণ কৰিছে। এই খেলৰ জৰিয়তে ভৱিষৎ  দিনত খেলুৱৈ সকলক যথেষ্ট উৎসাহী তথা অনুপ্ৰাণিত কৰিব বুলি নাগালেণ্ড অলিম্পিক সন্থাই অভিহিত কৰিছে।