NORTHEAST NOW (Assamese)
অসম

বজালীত এয়াৰটেল সেৱাই জ্বলাকলা খুৱাইছে গ্ৰাহকক

Posted by: শশাংক তালুকদাৰ March 9, 2018 11:51 am
PicsArt_03-08-10.59.48-570x320

বজালী অঞ্চলৰ এয়াৰটেলৰ গ্ৰাহকসকলে সমস্যাৰ সন্মুখীন হৈছে। ৰাইজে তেওঁলোকৰ মোবাইলত ৰিচাৰ্জ কৰিব পৰা নাই আৰু নেটৱৰ্ক সেৱা অত্যন্ত বেয়া।

অসমৰ বৰপেটা জিলাৰ বজালী অঞ্চলৰ লোকসকলে টেলিকম কোম্পানী এয়াৰটেলৰ অনুন্নত সেৱাৰ বাবে গুৰুতৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।

কল ড্ৰপ, পৰ্যাপ্ত নেটৱৰ্ক নোহোৱা, অস্পষ্ট মাত, মন্থৰ ইন্টাৰনেট সেৱা আদি হৈছে সততে বজালী অঞ্চলৰ এয়াৰটেল ব্যৱহাৰকাৰীয়ে সন্মুখীন হৈ অহা কেইটামান সমস্যা।

তিত্কাৰ দৰে পাঠশালা চহৰৰ কিছুমান অঞ্চলত কোনো নেটৱৰ্কেই নাই।

এই অঞ্চলসমূহৰ মোবাইল ফোনসমূহত কোনো নেটৱৰ্ক পাবলৈ নাই। সন্ধিয়াৰ পৰা আৰম্ভ কৰি ৰাইজে তেওঁলোকৰ ফোনত আনকি ৰিচাৰ্জ কৰিবও নোৱাৰে অথবা এয়াৰটেলৰ ডিটিএইচ সেৱা গ্ৰহণ কৰিব নোৱাৰে।

ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক অনুন্নত মোবাইল টাৱাৰসমূহ মেৰামতি কৰাৰ বাবে আৰু মোবাইল সেৱা উন্নত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

নাগৰিকৰ জীৱন যাত্ৰাৰ অৱিচ্ছেদ্য অংগ হৈ পৰা এই সেৱা অবিহনে বৰ্তমান সময়ত বিকাশৰ সংজ্ঞাই অচল বুলিও সচেতন মহলে মন্তৱ্য কৰিছে।

গ্ৰাহকসকলে অভিযোগ কৰে যে তেওঁলোকে ৰিচাৰ্জ ক্ৰয় কৰে, বেছি টকাৰ নেট পেক লয়, কিন্তু উপযুক্ত সেৱা তেওঁলোকে নাপায়।