NORTHEAST NOW (Assamese)
অসম

বন্ধ সমৰ্থন নকৰিব : ৰাজ্যৰ জনসাধাৰণক মণিপুৰ চৰকাৰৰ আহ্বান

Posted by: চভাপতি ছামম July 2, 2018 1:38 pm
Bandh-780x405-570x320

মণিপুৰ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক যিকোনো বন্ধৰ কাৰ্যসূচীক সমৰ্থন বা উৎসাহ নিদিবলৈ আহ্বান জনাইছে।

মণিপুৰ চৰকাৰৰ বিশেষ সচিব (গৃহ) কে এইচ ৰঘুমনি সিঙে দেওবাৰে এই সন্দৰ্ভত এখন গোহাৰি প্ৰকাশ কৰিছে।

মাপিথেল বান্ধৰ নিৰ্মাণৰ বিৰুদ্ধে ক্ষতিগ্ৰস্ত লোকসকল আৰু আন নাগৰিক সংগঠনসমূহৰ সহযোগত জইন্ট একশ্যন কমিটিয়ে (এ এফ চি এম ডি) আহ্বান দিয়া ২ জুলাইৰ মাজ নিশাৰ পৰা ৫ জুলাইৰ মাজনিশালৈকে ৭২ ঘন্টীয়া প্ৰস্তাৱিত বন্ধৰ পিছতে চৰকাৰে এই বিবৃতিটো প্ৰকাশ কৰিছে।

জানিব পৰা মতে এ এফ চি এম ডিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী, মণিপুৰৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক যোৱা মাহত যৌথ স্মাৰক পত্ৰ প্ৰদান কৰিছিল। অৱশ্যে, চৰকাৰৰ পৰা এই ক্ষেত্ৰত কোনো সঁহাৰি নাপালে।

সেয়েহে এ এফ চি এম ডিয়ে পুনৰ বিষয়টো সোঁৱৰাই দি মণিপুৰৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল। সেই অনুসৰি ৩০ দিনৰ সময়সীমা বান্ধি দি মণিপুৰৰ মুখ্যমন্ত্ৰীক এক যৌথ ‘চৰম পত্ৰ’ প্ৰদান কৰিছিল আৰু ২ জুলাইত তাৰ সময়সীমা অন্ত পৰিছে।

আনহাতে, ৰাজ্য চৰকাৰৰ বিবৃতিটোত কোৱা হৈছে যে বিষয়টো যিহেতু সংবেদনশীল আৰু বান্ধটোৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলৰ প্ৰতি সহানুভুতিসূচক দৃষ্টিভংগী জড়িত বিষয়,সেয়েহে  সকলোবোৰ বিষয় শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে সমাধা কৰাটো প্ৰয়োজন আৰু এইক্ষেত্ৰত ৰাইজৰ ক্ষতি তথা অসুবিধাৰ সৃষ্টি কৰিব পৰা সিদ্ধান্ত পৰিহাৰ কৰিব লাগে।

মাপিথেল বান্ধৰ বাবে ক্ষতিগ্ৰস্তসকলক চৰকাৰে ইতিমধ্যে ৰাজ্য চৰকাৰে ক্ষতিপূৰণ দিছে। যদিহে কোনো লোকৰ এতিয়াও যথাৰ্থ ওজৰ-আপত্তি আছে তেতিয়াহ’লে চৰকাৰে শান্তিপূৰ্ণভাৱে আলোচনাত বহি সেইবোৰ দূৰ কৰাৰ চেষ্টা কৰিব বুলি গোহাৰিখনত কোৱা হৈছে।

আনহাতে, ৰাজ্য চৰকাৰে সংশ্লিষ্ট সকলো পক্ষকে তেওঁলোকৰ দাবী পূৰণ কৰাৰ উপায় হিচাপে বলপূৰ্বক বন্ধ বা অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ নকৰিবলৈ আহ্বান জনায়। সকলোবোৰ চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থান তথা সা-সুবিধাসমূহ উক্ত সময়ছোৱাত মুকলি আৰু কাৰ্যক্ষম কৰি ৰখা হ’ব।