NORTHEAST NOW (Assamese)
অৰুণাচল

বিবদমান ভূমিত অৰুণাচল চৰকাৰে নিৰ্মাণ কৰা টুৰিষ্ট ল’জ উচ্ছেদ কৰিলে অসম চৰকাৰে

Posted by: এন ই নাও নিউজ ব্যুৰো December 9, 2017 11:43 am
বিবদমান ভূমিত অৰুণাচল চৰকাৰে নিৰ্মাণ কৰা টুৰিষ্ট ল’জ উচ্ছেদ কৰিলে অসম চৰকাৰে

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ নামনি সোৱণশিৰি জিলাৰ ডলুংমুখৰ পৰা ৭ কিলোমিটাৰ আঁতৰৰ খেৰবাৰী গাওঁত অৰুণাচল চৰকাৰে সাজি  থকা কমেও পাঁচটা টুৰিষ্ট ল’জ অসম চৰকাৰৰ বিষয়াৰ নেতৃত্বত যোৱা এটি দলে শুকুৰবাৰে উচ্ছেদ কৰে।

জানিব পৰা মতে এই উচ্ছেদ অভিযানৰ নেতৃত্ব দিছিল উত্তৰ লখিমপুৰৰ উপায়ুক্ত বৰুণ ভূঞাৰ লগতে উত্তৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক, বন সংমণ্ডল বিষয়া আৰু ভাৰতীয় বায়ুসেনা বাহিনী তথা অৰ্দ্ধ সামৰিক বাহিনীৰ বিষয়াৰ এটি দলে।

উত্তৰ লখিমপুৰৰ উপায়ুক্ত বৰুণ ভূঞাই তেওঁৰ নেতৃত্বতে এই উচ্ছেদ সম্পন্ন হোৱা বুলি নিশ্চিত কৰিছে। তেওঁ প্ৰকাশ কৰা মতে ভাৰতীয় বায়ুসেনা বাহিনীৰ পৰা অহা এক অনুৰোধ মৰ্মে এই উচ্ছদ কাৰ্য চলোৱা হৈছে। বায়ুসেনাৰ পৰা জনোৱা মতে টুৰিষ্ট ল’জ নিৰ্মাণ কৰা ঠাইখিনি তেওঁলোকৰ বোমা পৰীক্ষণ অনুশীলন অঞ্চলৰ ভিতৰত পৰে।

অৰুণাচল সীমান্তত থকা খেৰবাৰী গাওঁৰ নিৰ্মাণসমূহ শুকুৰবাৰে ৰাতিপুৱা ৯-১৫ বজাতে ভাঙি উচ্ছেদ কৰা হয়। উচ্ছেদ চলি থকা সময়ত উপস্থিত থকা ডলুংমুখৰ চক্ৰ বিষয়াগৰাকীয়ে জানিব দিয়া মতে তেওঁ অসমৰ বিষয়াৰ পৰা উচ্ছেদ সম্পৰ্কত কোনো জাননী লাভ কৰা নাছিল। তেওঁ যেতিয়া ঘটনাস্থলীত উপস্থিত হৈছিল তেতিয়া পাঁচটা নিৰ্মাণৰত গৃহ আৰু সীমা বেৰবোৰ ভাগি সমাপ্ত কৰিছিল।

চক্ৰ বিষয়াগৰাকীয়ে এই উচ্ছেদ কাৰ্যৰ প্ৰতিবাদ কৰাৰ সময়ত উত্তৰ লখিমপুৰৰ উপায়ুক্তগৰাকীয়ে জানিব দিছিল যে তেওঁ এই বিষয়ে নামনি সোৱণশিৰিৰ উপায়ুক্ত আৰু পৰ্যটন সঞ্চালকগৰাকীক জনাইছিল। চক্ৰ বিষয়াগৰাকীয়ে লগতে কয় যে তেওঁলোকে বাৰম্বাৰ অনুৰোধ কৰা সত্বেও তেওঁলোকৰ নেতৃত্বত অহা অৰ্দ্ধসামৰিক বাহিনীৰ লোকসকলে নিৰ্মাণসমূহ ভাগি পেলাইছিল।

চক্ৰ বিষয়াগৰাকীৰ ভাষ্যৰ বিপৰীতে উত্তৰ লখিমপুৰৰ উপায়ুক্তগৰাকীয়ে কয় যে এই উচ্ছেদ অভিযান ভাৰতীয় বায়ুসেনা বাহিনীৰ অনুৰোধৰ ভিত্তিতহে কৰা হৈছে।

‘’মই নামনি সোৱণশিৰিৰ উপায়ুক্ত আৰু পৰ্যটন সঞ্চালকলৈ বিবদমান অঞ্চলত নিৰ্মাণ সম্পৰ্কত  কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰিছিলো, কিন্তু মই তেওঁলোকৰ পৰা কোনো সঁহাৰি নাপালো,’’-তেওঁ কয়। উপায়ুক্তগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অসমৰ ফালৰ পৰা সীমান্ত অঞ্চলটোত কোনোধৰণৰ নিয়ম উলংঘাৰ কাম কৰা নাই। কিন্তু অৰুণাচল চৰকাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰি এই নিয়ম উলংঘা কৰিছে।