NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনলৈ আনাইৰাম নুনিছা সাংবাদিকতা বঁটা

Posted by: এন ই নাও নিউজ April 27, 2018 2:57 pm
haidar

ৰাজ্যৰ সংবাদ জগতলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই অহা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক ২০১৮ বৰ্ষৰ গন্ধৰ্ব প্ৰকাশনৰ আনাইৰাম নুনিছা সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হ’ব ।

সমাগত ১৩ মে’ত হোটেল লেণ্ডমাৰ্কত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বঁটাটো প্ৰদান কৰা হ’ব ৰাজ্যৰ বিশিষ্ট সাংবাদিক গৰাকীক।

উল্লেখযোগ্য যে আনাইৰাম নুনিছা বঁটাত আছে এখন ফুলাম গামোচা, জাপি, চেলেং চাদৰ, শৰাই, প্ৰশস্তি পত্ৰ আৰু নগদ ৩০ হাজাৰ টকা।

স্মৰ্তব্য যে ২০১০ চনৰ পৰা প্ৰতিবছৰে অসমৰ সংবাদ জগতলৈ বিশেষ অৰিহণা আগবঢ়োৱা একোগৰাকী প্ৰথিতযশা সাংবাদিকক প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।

চলিত বৰ্ষত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনক আনাইৰাম নুনিছা বঁটা প্ৰদান কৰা খবৰটোৱে ৰাজ্যৰ সংবাদ জগতৰ লগত জড়িত সংশ্লিষ্ট সকলোকে আনন্দিত কৰি তোলা পৰিলক্ষিত হৈছে। লগতে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে বহু দল- সংগঠনে।