NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ হাউলীত সম্পন্ন আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বাৰ্ষিক অধিৱেশন

Posted by: আনিছুজ জামান June 17, 2018 6:35 pm

বৰপেটা জিলাৰ হাউলীত বৃহত্তৰ হাউলী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পঞ্চম বাৰ্ষিক অধিৱেশনখন আজি ১৭ জুনত এদিনীয়া কাৰ্য্যসূচীৰে হাউলী জুনিয়ৰ কলেজ প্ৰাঙ্গণত অনুষ্ঠিত হয়।

হাউলী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলৰ সভাপতি ড° ভগীৰথ নাথে সভাপতিত্ব কৰা সভাখনত বৃদ্ধ তথা জ্যেষ্ঠ নাগৰিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা হয়।

ৰাতিপুৱা ১১ বজাৰ পৰা অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হয়। সভাখনত বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলা জ্যেষ্ঠ নাগৰিকৰ সন্মিলনৰ সম্পাদক ধনীৰাম দাস আৰু নিৰ্দিষ্ট বক্তা হিচাপে অসম জ্যেষ্ঠ নাগৰিক সন্থাৰ উপ-সভাপতি ডিম্বেশ্বৰ দাস উপস্হিত থাকে।

পুৱা ৯ বজাত সন্মিলনৰ পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণ কৰে হাউলী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপদেষ্টা পৰমানন্দ দাসে।