NORTHEAST NOW (Assamese)
অসম

মাজুলীত বৃহদাকাৰৰ মৎস্য চিকাৰক লৈ ৰাইজৰ মাজত উৎসুকতা

Posted by: মিটু খাটনিয়াৰ April 17, 2018 12:11 pm
WhatsApp-

সমগ্ৰ ৰাজ্যজুৰি ৰঙালীৰ উৎসাহ- উদ্দীপনা অব্যাহত থকাৰ মাজতে আজি পুৱাই মাজুলীৰ মাজগাঁৱৰ সমীপৰ ব্ৰহ্মপুত্ৰত এটি বৃহৎ আকাৰৰ মাছ ধৰিবলৈ সক্ষম হয় দুজন মাছুৱৈৱে।

জানিব পৰা মতে মাছুৱৈ দুজনে নদীত জাল বাই থাকোতে জালত লাগে প্ৰায় এক কুইণ্টল বাৰ কেজি ওজনৰ গৰুৱা মাছটো।

মাছুৱৈ দুজনে জালত লগা মাছটো দেখি প্ৰথমে ভয় খাইছিল যদিও অঞ্চলটোৰ অন্যান্য লোকসকল গোট খাই মাছটো ধৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে এক কুইণ্টল বাৰ কেজি ওজনৰ বৃহৎ আকাৰৰ মাছ জালত লগা কথাটো ৰাষ্ট্ৰ হোৱাৰ লগে লগে মাছটো চাবলৈ ৰাইজৰ হেতা ওপৰা লাগে।ফলত মুহূৰ্তৰ ভিতৰতে লোকাৰণ্য হৈ পৰে অঞ্চলটো।

পাছলৈ কমলাবাৰী মাছৰ বজাৰলৈ আনি মাছটো ওজন কৰি লক্ষীমপুৰ বজাৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় ।