NORTHEAST NOW (Assamese)
অসম

২০০১-২০১৫-ৰ ভিতৰত নিৰ্মাণ কৰা ৰাজ্যৰ সকলো প্ৰধান পথ শীঘ্ৰে মেৰামতিৰ নিৰ্দেশ মন্ত্ৰী হিমন্তৰ

Posted by: এন ই নাও নিউজ July 26, 2018 7:30 pm
Himanta

২০০১ চনৰ পৰা ২০১৫-লৈ নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰধান পথবিলাকৰ মেৰামতি সোনকালেই সম্পূৰ্ণ কৰিবলৈ আজি গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

ৰাজ্যৰ বাট–পথ আৰু দলঙৰ উন্নয়নক লৈ বিধায়ক–বিষয়াৰ সৈতে আজি মন্ত্ৰীজনে এখন বৈঠকত মিলিত হওঁতে বিষয়াসকলক এই নিৰ্দেশ দিয়ে। আনহাতে তেওঁ বিধায়কসকলক তেওঁলোকৰ নিজৰ নিজৰ সমষ্টিৰ বাট–পথৰ অৱস্থাৰ এটা খতিয়ান দিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে এই মাহৰ প্ৰথম ভাগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় বিষয়া আৰু সকলো দলৰ বিধায়কৰ সৈতে ৰাজ্যৰ বাট-পথ আৰু দলঙৰ উন্নীতকৰণ বিষয়টোক লৈ পৃথকে পৃথকে বৈঠকত বহিছিল। তেওঁ তেতিয়া কৈছিল যে ২০২০ চনৰ ভিতৰত ৰাজ্যখনৰ সকলো প্ৰধান পথ পকী কৰা হ’ব। লগতে এবছৰৰ ভিতৰতে ৰাজ্যৰ সকলো কাঠৰ দলং পকী হ’ব আৰু এবছৰৰ পিছত ৰাজ্যত কাঠৰ দলং নাথাকিব বুলি ঘোষণা কৰিছিল।

আজিও মন্ত্ৰীজনে বিষয়াসকলক প্ৰথম পৰ্য্যায়ত ৰাজ্যৰ সকলো কাঠৰ দলং পকী কৰাৰ নিৰ্দেশ দিয়ে।

মন কৰিব লগীয়া যে মুখ্য মন্ত্ৰী, বিভাগীয় মন্ত্ৰীয়ে যিমানেই ইটোৰ পিছত সিটো নিৰ্দেশ দি নাথাকক ৰাজ্যৰ বাট-পথ, দলঙৰ মেৰামতি আশানুৰূপ গতিত উন্নত হোৱা নাই। ফলত জীয়াতু ভুগিছে সৰ্বসাধাৰণ ৰাইজে। আনহাতে যিকেইটা বাট-পথৰ মেৰামতি হৈছে তাতো গুণগত মান একেবাৰে বেয়া বুলি অভিযোগ তুলিছে ৰাইজে।