NORTHEAST NOW (Assamese)
অসম

ৰাজ্যপাল জগদীশ মুখীৰ বশিষ্ঠাশ্ৰমলৈ ১০ লাখ টকাৰ অনুদান

Posted by: এন ই নাও নিউজ May 27, 2018 10:08 am

শনিবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে গুৱাহাটী ঐতিহ্যমণ্ডিত বশিষ্ঠাশ্ৰম দৰ্শন কৰে।

বশিষ্ঠাশ্ৰম দৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে বশিষ্ঠাশ্ৰমৰ ভক্ত আৰু আশ্ৰম পৰিচালনা সমিতিৰ সৈতে এক মতবিনিময়ত অংশ গ্ৰহণ কৰে।

আনহাতে মতবিনিময় অনুষ্ঠানতে ৰাজ্যপাল গৰাকীয়ে আশ্ৰমখনৰ আন্তগাঁথনি উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ১০ লাখ টকাৰ অনুদান আগবঢ়ায়।

লগতে ৰাজ্যপাল জগদীশ মুখীয়ে বশিষ্ঠাশ্ৰম পৰিচালনা সমিতি আৰু জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক আশ্ৰমখনৰ সৰ্বাংগীন উন্নয়ন আৰু দৰ্শনাথীৰ বাবে প্ৰয়োজনীয় সা-সুবিধা প্ৰদানৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে।