NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ৰোলবলৰ আৰম্ভণিৰ দিনাই উজ্জ্বীৱিত প্ৰদৰ্শন অসমৰ

Posted by: এন ই নাও নিউজ July 20, 2018 10:19 am
19-07-18 Guwahati- Federation Cup Roll Ball Championship (4)

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ৰোলবল চেম্পিয়নশ্বিপ। গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখন।

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অসম ক্ৰীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ কুইন ওজা, নেৰিমৰ সঞ্চালক ড০ সংগীতা ত্ৰিপাঠী, ৰাষ্ট্ৰীয় ৰোলবল ফেডাৰেশ্যনৰ সভাপতি বিনীত কুবেৰ, উপ-সভাপতি মনোজ যাদৱ, অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক প্ৰণৱ শইকীয়াকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।

উদ্বোধনীৰ দিনাই অসমৰ ল’ৰাৰ দলটোৱে ঝাৰখণ্ডৰ বিৰুদ্ধে ৩-২ আৰু দিল্লীৰ বিৰুদ্ধে ৪-২ গ’লৰ ব্যৱধানত জয়লাভ কৰি প্ৰতিযোগিতাখনত আশা কৰা ধৰণেই আৰম্ভণি কৰিছে।

ইফালে, মহিলা শাখাতো প্ৰথম মেচত অসমে তামিলনাডুক ৪-১ গ’লত পৰাস্ত কৰে। আনবোৰ মেচৰ ভিতৰত পুৰুষ শাখাত উত্তৰ প্ৰদেশে জম্মু-কাশ্মীৰক ১১-২ গ’লত পৰাজিত কৰে যদিও আৰু মহিলা শাখাত ছট্টিশগড় আৰু জম্মু-কাশ্মীৰে ১-১ গ’লত ড্ৰ খেলি পইণ্ট ভগাই লয়।

আনহাতে অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে জনোৱা মতে, এই ফেডাৰেশ্যন কাপ ৰোলবল চেম্পিয়নশ্বিপৰ বাবে বিশিষ্ট সংগীত শিল্পী জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেছাডৰ ৰূপে জড়িত কৰা হৈছে। অসমৰ যুৱ প্ৰজন্মৰ বাবে অপৰিচিত এই নতুন খেলবিধ প্ৰচলন কৰাৰ ওপৰত জুবিন গাৰ্গে গুৰুত্ব প্ৰদান কৰিছে আৰু কৰি যাব বুলি জনায়।