NORTHEAST NOW (Assamese)
অসম

“সাত ৰাজ মাৰি ‘নহয়’ সাত ৰাজ সামৰি” বুলিহে কোৱা উচিতঃড০ হৰেন্দ্ৰ নাৰায়ণ দাস

Posted by: ৰাজীৱ দত্ত February 1, 2018 9:41 am
Dr.Horendra Narayan Dutta is deliveringhis speech

“আত্মপৰিচয় দিয়াটো সাম্প্ৰদায়িকতা নহয়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ, ভগৱান শ্ৰীকৃষ্ণৰো বংশ পৰিচয় শাস্ত্ৰ ভাগৱতত দিয়া দেখা যায়। গতিকে আমি কোচসকলে নিজকে কোচ বুলি বংশ পৰিচয় দিলেও আমি অসমীয়াই হৈ থাকিম।’

বুধবাৰে গৌৰীসাগৰৰ চিলাৰায় উদ্যানত মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তীত বিশিষ্ট অতিথি হিচাবে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ হৰেন্দ্ৰ নাৰায়ণ দাসে এইদৰে কয়।

শিৱসাগৰ জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু জকাইচুক মৌজা সমিতিৰ সহযোগত উদযাপন কৰা চিলাৰায় দিৱসত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি ড০ দাসে কয় যে কোচ নৃপতি নৰনাৰায়ণ আৰু মহাবীৰ চিলাৰায়ে সকলো লোকৰে প্ৰতি দেখুওৱা বদান্যতা আৰু পৃষ্ঠপোষকতাই আজিও সকলোকে উদ্বদ্ধ কৰি যায়।

Rich tribute paid to Chilarai at Gaurisagar Chilarai park (1)

শিৱসাগৰ জিলা সন্মিলনীৰ সাধাৰণ সম্পাদক ৰাতুল ভৰালীয়ে আঁত ধৰা চমু স্মৃতিচাৰণ সভাখনত দাসে পুনৰ কয় যে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰায় ১কোটি কোচ মানুহ আছে আৰু সম্প্ৰতি ইয়াৰ এক পৰিসংখ্যা যুগুত কৰাৰ প্ৰয়োজন আহি পৰিছে।

উল্লেখযোগ্য যে স্বৰ্গদেউ চাউলুং চ্যুকাফাই “সাত ৰাজ মাৰি এক ৰাজ কৰা” বুলি চৰকাৰৰ লগতে বিভিন্ন পক্ষই কৰি অহা মন্তব্যত আক্ষেপ প্ৰকাশ কৰি বিশিষ্ট পণ্ডিতগৰাকীয়ে “সাত ৰাজ সামৰি” হে বৰ অসম গঢ়িব যোৱা বুলি ক’বলৈ আজিৰ মঞ্চৰ পৰাই সকলো পক্ষকে আহ্বান জনায়।

কেৱল এটা জনগোষ্ঠীকে প্ৰাধান্য দিয়া বিষয়টোৱে বৰঅসমৰ বৃহৎ ধাৰণাটোক বহু সময়ত শলঠেকত পেলায় বুলিও দাসে মন্তব্য কৰে।

চিলাৰায় দিৱসৰ মঞ্চৰ পৰাই পবিত্ৰ মে-দাম- মে-ফিলৈকো শুভেচ্ছা জ্ঞাপন কৰি প্ৰখ্যাত পৰিসংখ্যাবিদ গৰাকীয়ে নাগা ফেমৱৰ্ক সম্পৰ্কত নিজস্ব মত প্ৰকাশ কৰি কয় ‘বিমলাপ্ৰসাদ চলিহাৰ দিনত ষড়যন্ত্ৰমূলক ভাৱে ডিমাপুৰক নাগালেণ্ডত চামিল কৰা হ’ল।
বিষ্ণুৰাম মেধিক কোচ বাবেই মুখ্যমন্ত্ৰীত্বৰ পৰা বঞ্চিত কৰি ৰাজ্যপাল নিযুক্তি দিয়া হ’ল। গতিকে এতিয়া ডিমাপুৰখনহে
নগাই অসমক ঘূৰাই দিব লাগে।”

আনহাতে অসম সাহিত্য সভাই মে-দাম- মে-ফি আৰু চিলাৰায় দিৱসৰ পবিত্ৰ দিনটোতে সাহিত্য সভাৰ অধিৱেশনৰ দিন লোৱাটো অতি পৰিতাপৰ কথা বুলি সমালোচনা কৰে। আনহাতে লেখিকা ৰেখামণি বৰাই কয় যে মে-দাম- মে-ফি আৰু চিলাৰায় দিৱস অসমবাসীয়ে একেদিনাই উদযাপন কৰিবলৈ পোৱাটো অতিকে সৌভাগ্যৰ বিষয়।

ইফালে স্মৃতিচাৰণ সভাৰ পূৰ্বে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে জিলা সন্মিলনীৰ সভাপতি সুৰেশ বৰা আৰু ৰেখামণি বৰাই। ৰাজ্যিক সন্মিলনীৰ প্ৰাক্তন সাংগঠনিক সম্পাদক উমা শইকীয়া আৰু জিলা কাৰ্যকৰী সভাপতি নৰেন দাসে চিলাৰায় প্ৰতিমূৰ্তিত মাল্যৰ্পন কৰে।

সভাখনত আমগুৰি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা জিলা সন্মিলনীৰ প্ৰাক্তন অধ্যক্ষ তথা জিলা সন্মিলনীৰ প্ৰাক্তন
সভাপতি অমল দাস, সন্মিলনীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ
কাৰ্তিক দাসে অংশগ্ৰহণ কৰে।